চামগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে চামগুৰি আৰু পুৰণিগুদামতো আছুৰ উত্তাল প্ৰতিবাদ। ৮৫৫জন শ্বহীদৰ ত্যাগক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উপলুঙা কৰা বুলি মন্তব্য কৰি তীব্ৰভাৱে ক্ষোভ উজাৰে প্ৰতিবাদথলীত।

ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ টোপ হিচাপে অসমক সাংবিধানিক সুৰক্ষাকবচ চৰকাৰে প্ৰদান কৰি চাতুৰালি কৰা বুলি কৈ অনিচ্ছাৰ সত্ত্বেও আছুৱে আহ্বান জনোৱা অসম বন্ধক চামগুৰি আৰু পুৰণিগুদামত ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সহাঁৰি জনায়।

আনহাতে মঙলবাৰে পুৱাৰেপৰা চামগুৰি আৰু পুৰণিগুদাম ছাত্ৰ সন্থাই ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে পুৰণিগুদামত জ্যেষ্ঠ নাগৰিকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিকে পুৰণিগুদাম গড়মূৰত পুৱাৰেপৰা ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তেওঁলোকে দাহ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ফটো।