newsnextone.com | চৰাইদেউঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷

৩১ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে চৰাইদেউ জিলাত। তাৰ মাজতে শনিবাৰে চৰাইদেউ প্ৰশাসনৰ উদ্যোগত এখন এন আৰ চি বিষয়ক সভা অনুষ্ঠিত হয়৷

 সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সজাগতা সভাত চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, প্ৰণৱজ্যোতি বৰা, খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ লগতে কেইবাগৰাকীও বিষয়া উপস্থিত থাকি এন আৰ চি খচৰাত নাম থকা নথকা সন্দৰ্ভত কোনো লোক শংকিত হ'ব নালাগে বুলি কয়।

আনহাতে, চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি চৰাইদেউ জিলাত এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ সন্দৰ্ভত ৰাইজৰ পৰা সহায় বিচাৰে প্ৰশাসনে। উপায়ুক্তগৰাকীয়ে ৪,৭৬,০০০ গৰাকী নাগৰিক আৱদেন কৰা বুলি কৈ ৪৫৮৩৪৪ গৰাকীৰ নাম খচৰাত প্ৰকাশ পাব বুলি কয়। আনহাতে কোনো লোকৰ যদি নাম কেনেবাকৈ প্ৰকাশ নাপালেও শংকিত হোৱাৰ কাৰণ নাই বুলি কৈ খচৰা তালিকাৰপৰা নাম বাদ পৰিলে বা নাম অন্তৰ্ভুক্তি শুধৰণি বা ওজৰ আপত্তি থাকিলে অহা ৩০ আগষ্টৰ পৰা ২৮ চেপ্তেম্বৰলৈকে আবেদন কৰিব পাৰিব নিজ নিজ অঞ্চলত থকা এনআৰচিৰ সেৱা কেন্দ্ৰত। 

উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২-২৫৫১২৩ নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত যাতে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষীৰ লগতে, সেনা বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু ইণ্ডো-তিব্বত আৰক্ষী জোৱান প্ৰতিটো এনআৰচিৰ সেৱা কেন্দ্ৰত সষ্টম কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগে লগে যাতে কোনো লোকে ভুৱা খবৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ নকৰে সেই ক্ষেত্রটো তীক্ষ্ন দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাই শুদ্ধ খবৰ প্ৰকাশ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰিবলৈ অনুৰোধ জনায়।