newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে সোমবাৰে নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালত দেশৰ অৰ্থৱ্যৱস্থা দিনক দিনে বেয়া হোৱা বুলি অভিযোগ কৰে৷ তেওঁ বিজেপি চৰকাৰৰ নীতিগত ক্ৰুটি আৰু ভুল সিদ্ধান্তৰ বাবেই অৰ্থৱ্যৱস্থাৰ শোচনীয় অৱস্থা হোৱা বুলি দাবী কৰে৷

চিদাম্বৰমে কৃষি, জিডিপি, দৰমহা ভাট্টা, ব্যৱসায় আৰু অৰ্থৱ্যৱস্থাৰ কিছুমান ক্ৰুটিৰ দ্বাৰা চৰকাৰখনক জবাবদিহী কৰে৷

চিদাম্বৰমে সাংবাদিকৰ আগত কয়, ‘২০১৪ চনৰ মে’ মাহৰ পিছত বিভিন্ন কথা আলোচনা কৰা হ’ল৷ কিন্তু অৰ্থৱ্যৱস্থাৰ অৱস্থা দিনক দিনে বেয়াৰ ফালেহে গতি কৰিছে৷ কৃষকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে৷ নূন্যতম সমৰ্থন মূল্যৰ ভিত্তিত উৎপাদিত সামগ্ৰীৰ উচিত দাম লাভ কৰা নাই৷ প্ৰত্যেকগৰাকী কৃষকে জানে যে তেওঁলোকে উৎপাদন কৰা শস্যৰ কিমান মূল্য পোৱা উচিত, কিন্তু পোৱা নাই৷’

তেওঁ পুনৰ কয়, ‘ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীক্ষা অনুযায়ী দেশৰ ৪৮ শতাংশ লোকে অৰ্থব্যৱস্থাৰ গতি নিম্নগামী হৈছে বুলি মন্তব্য কৰিছে৷’

প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, ‘পেট্ৰল, ডিজেল আৰু এলপিজিৰ মূল্য বৃদ্ধিৰ ফলত আজি দেশবাসীয়ে বিক্ষোভ প্ৰদৰ্শন কৰিছে৷ ‘অচ্ছে দিন’ৰ শ্ল’গান গাই প্ৰতিবছৰে ২ কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, কিন্তু দেশত মাত্ৰ কিছু হাজাৰ চাকৰিতহে পদ খালী দিয়া হ’ল৷ শ্ৰমিক ব্যুৰ’ৰ সমীক্ষাৰ ডাটা মোডী চৰকাৰে কিয় ৰাজহুৱা নকৰে?’

তেওঁ পুনৰ কয়, ‘বিশ্ব পৰ্যায়ৰ অৰ্থব্যৱস্থাৰ প্ৰভাৱ কিছু পৰিমাণে দেশৰ অৰ্থব্যৱস্থাৰ ওপৰতো পৰে৷ এই কেইদিনত আমেৰিকাৰ অৰ্থ ৱ্যৱস্থা উন্নত হোৱা পৰিলক্ষিত হৈছে৷ ইউৰোপৰো স্থিতি সুন্দৰ৷ কিন্তু ভাৰতত চৰকাৰৰ নীতিগত ক্ৰুটি আৰু ভুল সিদ্ধান্তৰ কাৰণে দেশখনৰ অৰ্থব্যৱস্থা তেনেই দুৰ্বল হৈ পৰিছে৷’

তেওঁ পুনৰ কয়, ‘২০১৫-১৬ চনত দেশৰ অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ ৮.২ শতাংশ আছিল, কিন্তু ২০১৭-১৮ চনত এই হাৰ ৬.৭ শতাংশ হৈ পৰে৷ জিএছটিক এক ভুল পদ্ধতিৰে লাগু কৰাৰ বাবেই আজি দেশৰ অৰ্থৱ্যৱস্থাই এনে ৰূপ লৈছে৷’

প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৪ বছৰত এনপিয়ে ২,৬৩,০০০ কোটিৰ পৰা ১০,৩০,০০০ কোটি টকালৈ বৃদ্ধি হয়৷ তেওঁ ভৱিষ্যতে এই হাৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে৷