newsnextone.com | গুৱাহাটীঃ অৱশেষত আমৰণ অনশন কাৰ্যসূচী ভংগ কৰিলে চুতীয়া জনগোষ্ঠীৰ অন্যতম জতীয় সংগঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই৷ কেইবাটাও দাবীৰ সমৰ্থনত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনিৰ্দিষ্টকালীন আমৰণ অনশন কাৰ্যসূচী পালন কৰিছিল সংগঠনটোৱে৷ অনশন কাৰ্যসূচীৰ কেইবা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতোঁ প্ৰশাসনে খবৰ নোলোৱাৰ লগতে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছিল৷ 

দেওবাৰে অনশনকাৰী হঠাৎ অসুস্থ হৈ পৰাৰ লগতে চিকিৎসালয়ত ভৰ্তি কৰাইছিল সতীৰ্থই৷ এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে ৰাজ্য চৰকাৰ দৌৰ দিয়ে অনশনস্থলিলৈ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ তিনিজন মন্ত্ৰী উপস্থিত হৈ চুতীয়া ছাত্ৰ সন্থা নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়৷ দীৰ্ঘ সময় কৃষি মন্ত্ৰী অতুল বৰা, ৰঞ্জিত দত্ত আৰু কেশৱ মহন্তই আলোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে তাৰিখ থিক কৰাত সংগঠনটোৱে অনশন ভংগ কৰাৰ কথা ঘোষণা কৰে৷ 

জানিব পৰা মতে, চুতীয়া জনগোষ্ঠীৰ সংগঠনটোৱে চুতীয়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী জনোৱাৰ লগতে বৰলুইতত নিৰ্মিত চতুৰ্থ খন দলং অষ্টমজন চুতীয়া ৰজা ধীৰনাৰায়ণৰ সন্তান বীৰাংগনা সাধনীৰ নামেৰে নামকৰণৰ কৰাৰ লগতে বহাগৰ ৭ তাৰিখ বীৰাংগনা দিৱস হিচাপে পালন কৰা আৰু উক্ত দিনটো ৰাজ্যৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছিল৷ আনহাতে চুতীয়া ছাত্ৰ সন্থাৰ অনশনথলীত কেইবাটাও দল সংগঠনৰ নেতা-কৰ্মীৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মণজিৎ কুমাৰ মহন্তও উপস্থিত আছিল৷ ইয়াৰ পূৰ্বেও যোৰহাটত সংগঠনটোৱে ৫ দিনলৈ আমৰণ অনশন কাৰ্যসূচীৰ পালন কৰিছিল৷