গুৱাহাটীঃ সংবাদ মাধ্যম মুলত জনমত গঠনৰ অন্যতম মাধ্যম হিচাপে বিবেচিত হৈ আহিছে৷ যুগ পৰিবৰ্তনৰ লগে লগে তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত সংবাদ মাধ্যমৰ লগ লগে জনমত গঠনৰ বাবে ছচিয়েল মিডিয়াই বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ বৰ্তমান সময়ত ছচিয়েল মিডিয়াত সকলোৱে সক্ৰিয়৷ ছচিয়েল মিডিয়াত সক্ৰিয় প্ৰতিগৰাকী লোক একো একোগৰাকী সাংবাদিক৷

ছচিয়েল মিডিয়াই ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ ফলত সময় সলনি হোৱাৰ লগে লগে গণ-মাধ্যম তথা সাংবাদিকতাৰো ৰূপ-গতি-প্ৰকৃতি সলনি হৈছে। সময়ৰ সৈতে খাপ খুৱাই অসমৰ সাংবাদিকতাতো সলনি কৰাৰ সময় আহি পৰিছে৷ তাৰ মাজতে গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত অসম সাংবাদিকতা বিদ্যালয়ে গণ-সংযোগ আৰু সাংবাদিকতাৰ বিভিন্ন ব্যৱহাৰিক পাঠ্যক্ৰম আগবঢ়াই আহিছে।

অহা ১১ আৰু ১২ নৱেম্বৰত দুদিনীয়াকৈ 'চিটিজেন জাৰ্নেলিজিম' অৰ্থাৎ 'নাগৰিক সাংবাদিকতা'ৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ তত্ত্বাৱধায়ক তথা অসম সাংবাদিকতা বিদ্যালয়ৰ সঞ্চালক মনোৰম গগৈয়ে জানিবলৈ দিয়া মতে, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমত অধ্যয়নৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন পেছাত নিয়োজিত নাগৰিকসকলেও এই কৰ্মশালাত অংশ গ্ৰহণ কৰিব পাৰিব।

ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমৰ লগতে শেহতীয়াকৈ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা 'অনলাইন জাৰ্নেলিজিম' তথা 'ছ'চিয়েল মেডিয়া'ৰ বিভিন্ন দিশত গুৰুত্ব প্ৰদানেৰে এই কৰ্মশালাৰ পাঠ্যসূচী প্ৰস্তুত কৰা হৈছে বুলি জানিব দিয়ে অনুষ্ঠানটোৱে। কৰ্মশালাত সীমিত সংখ্যক আসনৰহে ব্যৱস্থা আছে। অংশগ্ৰহণকাৰীসকলৰ আগতীয়া পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে।

অহা ১০ অক্টোবৰৰ পৰা গুৱাহাটীৰ উজান বজাৰত থকা অসম সাংবাদিকতা বিদ্যালয়ৰ কাৰ্যালয়ত আগ্ৰহীসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। সবিশেষ তথ্যৰ বাবে সঞ্চালক, অসম সাংবাদিকতা বিদ্যালয়, নাওজান পথ, উজান বজাৰ, গুৱাহাটী-৭৮১০০১, ফোন-৯৮৬৪০৭৬৩০০ যোগাযোগ কৰিব পাৰিব।