newsnextone.com | তামুলপুৰঃ বহুজাতিক কোম্পানীৰ শীতল পানীয়ৰ নাত বৰবিহ বিক্ৰী হয় বাক্সাৰ তামুলপুৰত। শীতল পানীয়ৰ ভিতৰত গ্ৰাহক দুজনে গ্ৰীষ্মত গা শাত পেলাবৰ বাবে খোৱা শীতল পানীয় খোৱাৰ পিছতে বমি কৰিবলৈ ধৰে৷

নৱজ্যোতি বৈশ্য আৰু ৰূপজ্যোতি ডেকা নামৰ স্থানীয় দুজন যুৱকে মটঙাচকৰ হোটেল বসুমতাৰী নামৰ হোটেলখনত শীতল পানীয় পান কৰাৰ পিছতে অসুস্থ হৈ পৰে৷ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত মটঙাচকৰ হোটেলত তাৰ পিছতে দেওবাৰে তামুলপুৰ আৰক্ষীয়ে ম্যাদ উকলি যোৱা শীতল পানীয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

জানিব পৰা মতে, মাউনণ্টেইন দিও নামৰ শীতল পানীয় খোৱাৰ পিছতে যুৱক দুজন হঠাৎ অসুস্থ হৈ বমি কৰিবলৈ ধৰে। যুৱকদুজনে পিছত শীতল পানীয়ৰ বটলটো পৰীক্ষা কৰাত ইতিমধ্যেই ম্যাদ উকলি যোৱা প্ৰত্যক্ষ কৰে। লগে লগে যুৱক দুজনে তামুলপুৰ মহকুমা প্ৰসাশনক বিষয়টো অৱগত কৰে। 

তামুলপুৰ মহকুমাৰ মহকুমাধিপতিয়ে বিষয়টো তদন্ত কৰিবলৈ তামুলপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে। মহকুমাধিপতিগৰাকীৰ নিৰ্দেশ মৰ্মে  তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল এটা উপস্থিত হৈ হোটেলখনত তালাচী চলায়। তালাচীৰ সময়ত হোটেলখনত থকা শীতল পানীয়ৰ বটলসমূহ ম্যাদ উকলি যোৱাটো প্ৰত্যক্ষ কৰে৷

শীতল পানীয়ৰ বটল সমূহ জব্দ কৰি থানালৈ লৈ যায়। ইপিনে হোটেলখনৰ স্বত্বাধিকাৰীগৰাকীয়ে শীতল পানীয়খিনি মটঙাচকৰে জনৈক ডিপু দাসৰ দোকানৰ পৰা তিনি চাৰিদিন পূৰ্বে ক্ৰয় কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।