খাৰুপেটীয়াঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষ। চৰকাৰে সাতদিন শোকপালনৰ ঘোষণা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমবাসীয়েও সুদক্ষ, সফল, শ্ৰেষ্ঠ প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্দ হৈ পৰিছে।

দৰঙৰ খাৰুপেটীয়াতো প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিভিন্ন দল-সংগঠনৰ লগতে খাৰুপেটীয়া টাউন আঞ্চলিক অগপৰ সভাপতি চঞ্চল দত্ত চৌধুৰী, সম্পাদক বলাই শীল, সাংগঠনিক সম্পাদক বাপন সাহা প্রমুখ অন্যান্য কৰ্মী আৰু টাউনবাসীৰ উদ্যোগত দেওবাৰে সন্ধিয়া খাৰুপেটীয়া বাৰোৱাৰী পুজা মন্দিৰ  প্ৰাংগনত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে টাউন ৰাষ্ট্ৰীয় ঘাই পথৰ মাজেৰে মৌনতাৰে দুই শতাধিক লোকে সমদল উলিয়ায়।ইফালে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাজপেয়ীৰ ৰাজনৈতিক জীৱনৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে। 

আনহাতে অগপ দলৰ খাৰুপেটীয়া আঞ্চলিকে ৭২ তম স্বাধীনতা দিৱস উদযাপন দিনা টাউনৰ বিশিষ্ট ব্যক্তি সুবোধ ঘোষ, তাপস কুমাৰ ৰয়, কামাখ্যা সাহা, হীৰেন দাস, সুভাষ চন্দ্ৰ সাহা আৰু অজিত ৰঞ্জন দত্ত সহ মুঠ ছগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।