ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি কংগ্ৰেছে শুকুৰবাৰে পালন কৰিছে 'গণতন্ত্ৰ ৰক্ষা দিৱস’। কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই ৱালাই বিজেপিক ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাত কংগ্ৰেছ আৰু জেডিএছে সহ বিভিন্ন পক্ষৰ হস্তক্ষেপত ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ পৰিছে। ৰাজ্যপালৰ সিদ্ধান্তত সাংবিধানিক অৱমাননাৰ অভিযোগ তোলা কংগ্ৰেছে দেশজোৰা গণতন্ত্ৰ ৰক্ষা দিৱস পালন কৰিছে।

ৰাজ্যপাল বাজুভাই ৱালা বিজেপি দলটোৰ সংখ্যাগৰিষ্ঠতা নথকাৰ স্বতেও কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাক লৈ ক্ষুন্ন হৈ পৰা দুয়োটা দলেই শুকুৰবাৰে পুৱাৰে পৰা বিৰোধ আৰম্ভ কৰে৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে কংগ্ৰেছে দেশৰ বিভিন্ন ৰাজধানীৰ চহৰ আৰু জিলা সদৰত ৰাজ্যপালগৰাকীৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গণতন্ত্ৰ ৰক্ষা দিৱস পালন কৰে৷

ৰাজ্যপালে তেওঁৰ মৰ্যাদা হানি কৰাৰ অভিযোগ তোলা কংগ্ৰেছে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি দাবী কৰি কংগ্ৰেছে প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালৰ হাতত এই সিদ্ধান্তৰ বিৰুদ্ধে স্মাৰক পত্ৰ দাখিল কৰি ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছে৷

গণতান্ত্ৰিক নীতি আৰু সাংবিধানিক স্বচ্ছতা বজাই ৰখাৰ আহ্বানৰে প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰে কংগ্ৰেছে৷