newsnextone.com | নগাঁওঃ ইটোৰ পিছত সিটো বিশেষ সফলতাৰে এথলেটিকছ জগতত জিলিকি উঠা অসমৰ দৌৰৰ ৰাণী হিমাই শেহতীয়াকৈ ফিনলেণ্ডৰ টেম্পাৰেট অনুষ্ঠিত অনূৰ্ধ্ব ২০ বিশ্ব  আই এ এ এফ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচনা কৰাৰে পৰা হিমাৰ জন্মভূমি নগাঁও জিলাৰ কান্ধুলীমাৰী হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ হিমাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি অনাৰ খবৰ সৰ্বত্ৰে বিয়পি পৰাৰে পৰা আজি পৰ্যন্ত হিমাৰ বাসগৃহ অগণন শুভাকাংক্ষীৰে ভৰি পৰিছে ৷ 

প্ৰতিদিনে সাধাৰণ জনতা,শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা,বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উবুৰি খাই পৰিছে স্বৰ্ণজয়ীৰ ঘৰত ৷ হিমা নাথাকিলেও ঘৰখনত উপস্থিত হৈ এই সুযোগ্যা সন্তানৰ পিতৃ-মাতৃক যিয়ে যেনেকে পাৰে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ৷ এনে এক পৰিবেশৰ মাজতে সোমবাৰে হিমাৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ৷ অসমীয়া জাতিক হিমাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতাদ্বয়ে কয় যে এগৰাকী অসমীয়া জীয়ৰী হিচাপে হিমাই বিশ্বৰ বুকুত মূৰ তুলি থিয় হ’ব পাৰিছে ৷

ইয়াতকৈ আনন্দৰ কথা অসমীয়া ৰাইজ তথা জাতিটোৰ বাবে একো হ’ব নোৱাৰে ৷ ই অতি গৌৰবৰ বিষয় ৷ নেতাদ্বয়ে লগতে কয় যে হিমা নতুন প্ৰজন্মৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে ৷ আশা কৰিছো, শুভেচ্ছা জনাইছোঁ তেওঁ সফলতাৰ শিখৰত আৰোহন কৰক৷ এছিয়ান গেমছ, অলিম্পিকত পদক আজুৰি আনক ৷ হিমাৰ বিশ্বজয়ৰ যি আশা সেয়া বাস্তবায়িত হওঁক ৷ কংগ্ৰেছ দলৰ শীৰ্ষ নেতাদ্বয়ে হিমাৰ এনে ইতিহাস সৃষ্টিকাৰী সফলতাৰ বাবে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলোকে মিঠাই খোৱাই শুভেচ্ছা জনোৱাৰ লগতে পিতৃ-মাতৃক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰি বহুসময় আনন্দ-স্ফুৰ্তিৰে সময় অতিবাহীত কৰে ৷ তদুপৰি হিমাৰ এনে সফলতাত উৎফুল্লিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা হিমাৰ পিতৃ-মাতৃলৈ এক লাখ টকা আগবঢ়ায় ৷