নৰেন্দ্ৰ মোডী চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰোতে সকলো ভাৰতীয়ই সন্তুষ্টি ব্যক্ত কৰিছিল। কিন্তু মঙলবাৰে মাজনিশা দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা চিবিআইত মোডী চৰকাৰে যি অভিযান চলালে, সেই কাৰ্যই সকলো ভাৰতীয়ক ভবাই তুলিছে। চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ইতিমধ্যে দেখা গৈছে। মোডী চৰকাৰে সংবিধানৰ কোনটো বিধি-নিয়মৰ অধীনত এনে অভূতপূৰ্ব অভিযান চলাই অৱসৰলৈ মাত্ৰ চাৰি মাহ থকা অৱস্থাত সঞ্চালক আলোক বাৰ্মাক বাধ্যতামূলক ছুটীত পঠিয়ালে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। মন কৰিবলগীয়া যে চিবিআইৰ দুই শীৰ্ষ বিষয়া ক্ৰমে সঞ্চালক আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ মাজত চলা দুৰ্নীতিৰ অভিযোগ-প্ৰতিঅভিযোগৰ বাবে তদন্তকাৰী সংস্থাটোৰ বিশ্বাসযোগ্যতা ৰক্ষাৰ স্বাৰ্থতে এই দুই বিষয়াৰ লগতে অতিৰিক্ত সঞ্চালক এ কে শৰ্মাকো বাধ্যতামূলক ছুটীত পঠিয়াবলগীয়া হ'ল বুলি জ্যেষ্ঠ মন্ত্ৰী অৰুণ জেটলীয়ে জানিবলৈ দিছে।

চৰকাৰৰ এনে কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধীয়ে। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি অভিযোগ কৰে যে সঞ্চালক বাৰ্মাই ৰাফেল কেলেংকাৰিৰ গোচৰৰ তদন্ত নিজা তত্বাৱধানত চলাবলৈ লোৱাৰ বাবেই এনেদৰে তেওঁক অপসাৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আত্মৰক্ষাৰ কৌশল লৈছে। ইফালে আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চি বি আইৰ সঞ্চালকক এনেদৰে বাধ্যতামূলক ছুটীত যাবলৈ দিয়া কাৰ্যক অসাংবিধানিক বুলি মন্তব্য কৰিছে।

মঙলবাৰে নিশা দিল্লী আৰক্ষীয়ে চি বি আইৰ লোধী ৰোডত থকা মুখ্য কাৰ্যালয়ৰ দশম আৰু একাদশ মহলা ছীল কৰি বুধবাৰৰ বিয়লি দুই বজা পৰ্যন্ত তালাচী চলায়। এই দশম আৰু একাদশ মহলাই আছিল সঞ্চালক বাৰ্মা আৰু বিশেষ সঞ্চালক আস্থানাৰ কাৰ্যালয় কক্ষ। নিশাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেবিনেটৰ উপ সমিতিয়ে চি বি আইৰ যুটীয়া সঞ্চালক এম নাগেশ্বৰ ৰাৱক অন্তৰ্ৱৰ্তীকালীন মুৰব্বী হিচাপে নিযুক্তি দিয়ে। নিশাই নিযুক্তি লাভ কৰি একেটা নিশাতে কাৰ্যভাৰ লৈ নাগেশ্বৰ ৰাৱে সদ্য অপসাৰিত সঞ্চালক বাৰ্মাৰ পক্ষত থকা বিষয়াসকলক দেশৰ দূৰ দূৰণিৰ ঠাইলৈ বদলিৰ নিৰ্দেশ জাৰি কৰে।

শাসনাধিস্থিত ৰাজনৈতিক দলে চি বি আইক সদায় নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ আজিৰ নহয়। নতুন ভাৰত গঢ়াৰ সপোন দেখুওৱা বিজেপি দলেও তদন্তকাৰী সংস্থাটোক বিৰোধী ৰাজনৈতিক নেতাৰ মুখ বন্ধ কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ আছে। সেয়ে চি বি আইক ইতিকিংসূচকভাৱে 'মোডী পেৰট' বুলি বহুতে ৰস কৰি আহিছে। শেহতীয়াকৈ সদ্য অপসাৰিত সঞ্চালক বাৰ্মাই মোডীৰ এনে কাৰ্যত উৎসাহ প্ৰদৰ্শন নকৰাত তেওঁৰ পাখী কাটিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰিয়পাত্ৰ ৰাকেশ আস্থানাক বিশেষ সঞ্চালকৰ পদত বহোৱা হৈছিল। এনে কাৰ্যই বাৰ্মাৰ কাম-কাজত অসুবিধাৰ সৃষ্টি কৰিছিল। ইয়াৰ মাজতে মাংস ব্যৱসায়ী মাইন কুৰেশ্বিৰপৰা আস্থানাই তিনি কোটি টকা উপঢৌকন লোৱা বুলি উঠা অভিযোগৰ পৰিপ্ৰেক্ষিতত তদানীন্তন সঞ্চালক বাৰ্মাই আস্থানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আস্থানাৰ গ্ৰেপ্তাৰৰ পথ মুকলি কৰে। আস্থানাই গ্ৰেপ্তাৰৰপৰা হাত সাৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে সঞ্চালক বাৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰতি অভিযোগ কৰে।

ইফালে সঞ্চালক আলোক বাৰ্মাই তেওঁক বাধ্যতামূলক ছুটীত পঠোৱাৰ চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম নায়ালয়ত আবেদন কৰিছে আৰু এই আবেদন ন্যায়ালয়ে গ্ৰহণ কৰিছে। মু্খ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে ইয়াৰ শুনানি গ্ৰহণ কৰিব।

দুৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত এখন দেশ গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া নিজৰ দুৰ্নীতি ঢাকিবলৈ আত্মৰক্ষাত্মক কৌশল অৱলম্বন কৰাত দেশৰ জনতাই প্ৰমাদ গণিছে।

হেমন্ত ফুকন