newsnextone.com | মৰিয়নীঃ ৰাজ্যত নেতৃত্বাধীন সোণোৱাল চৰকাৰে দুৰ্নীতি প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতি প্ৰশমণৰ ঢাক ঢোল বজাই থাকিলেও একাংশ ব্যক্তি বিশেষ যেন কেতিয়াও দুৰ্নীতিমুক্ত হৈ থাকিব নোৱাৰে। তাৰেই প্ৰমাণ দিলে মৰিয়নী নিউ সোণোৱাল ১৪ নং লাইন প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতিয়ে। 

পূৰ্বেই দুৰ্নীতি, লুণ্ঠনত লিপ্ত বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতিজনে পূৰ্বতে এবাৰ বিদ্যালৰ মধ্যাহ্ন ভোজনৰ বাবে আৱন্টিত চাউল চুৰি কৰি জেললৈ গৈছিল। কিন্তু জেলৰ পৰা ওলায়েই তেওঁ বিদ্যালয়ৰ ৰান্ধনী গৰাকীক বিয়া কৰায়। 

দুৰ্নীতিত অভ্যস্ত উপ-সভাপতিজনে পূৰ্বৰ জেল শাস্তি পাহৰি পুনৰ বিদ্যালয়খনৰ নামত আৱন্চিত চাউলকে ধৰি বিভিন্ন সামগ্ৰী লুণ্ঠন কৰিবলৈ আৰম্ভ কৰা বুলি ৰাইজে অভিযোগ কৰিছে। অভিযোগ মতে তেওঁ বিদ্যালয়ৰ কাম-কাজ পৰিদৰ্শনৰ নামত সন্ধিয়া সময়ত বিদ্যালত উপস্থিত হৈ সহযোগীৰ সহায়ত বিদ্যালয়ৰ সামগ্ৰীসমূহ চুৰি কৰে।

লুণ্ঠনকাৰী উপ-সভাপতিজনৰ এনে কাণ্ডৰ বিষয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে জানিব পাৰি আৰক্ষী থানাত উপ-সভাপতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত আৰক্ষীয়ে ধৃত উপ-সভাপতিজনক কৰায়ত্ব কৰি সোধ পোছ কৰাত তেওঁ সকলো কথা স্বীকাৰ কৰে। আনহাতে ধৃত উপ-সভাপতি আৰু তেওঁৰ সহযোগী এজনক আৰক্ষীয়ে তদন্তৰ অন্তত তিতাবৰ ন্যায়ধীশৰ সহায়ত জেললৈ প্ৰেৰণ কৰে৷