newsnextone.com | নগাঁওঃ অসম গ্ৰামীণ বিকাশ বেংকত ঋন প্ৰদানৰ নামত সংঘটিত হৈছে বৃহৎ বিত্তীয় কেলেংকাৰী। ভূৱা হিতাধিকাৰীৰ নামত দুষ্ট চক্ৰই কৌশলেৰে লুটিলে বুজন পৰিমাণৰ ধন। এনে ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰাইদঙীয়াস্থিত অসম গ্ৰামীণ বিকাশ বেংকত। জানিব পৰা মতে, বেংকটোৰ শাখাত আদিত্য মেধি নামৰ এজন সেনা জোৱানৰ নামত ভূৱা নথি পত্ৰ আৰু ভূৱা ফটোৰে একাউন্ট খুলি  বেংকৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু এটা দুষ্ট চক্রই মিলি তিনি লাখ টকা লুট কৰে । 

ঘটনাৰ বিৱৰণী অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ২০১০ চনতে। কিন্তু এই বৰ্ষৰ চলিত মাহত সেনা জোৱানলৈ বেংকে প্ৰেৰণ কৰে এখন চমন পত্ৰ। বেংকৰ চমন পত্ৰ পাই হতভম্ব হৈ সূদুৰ দিল্লীৰ পৰা আহি বেংকত উপস্থিত হয় আদিত্য মেধি নামৰ সেনা জোৱানজন। জোৱান জনে নথি পত্ৰ পৰীক্ষা কৰি নথি পত্ৰসমূহ ভুৱা বুলি নিশ্চিত হয়। আনকি ফটো কপিও বেলেগৰ। পিছে বেংক কৰ্তৃপক্ষৰ পৰা জোৱানজনে কোনো ধৰণৰ সদুত্তৰ নপোৱাত জাজৰি থানাত এক গোচৰ তৰে। 

ইফালে, জোৱান জনৰ অনুপস্থিতিত আৰু বেংকৰ অলক্ষিতে কিদৰে এই ঘটনা সংঘটিত হবলৈ পালে তাক লৈ প্ৰশ্নৰ উদয় হৈছে। প্ৰাপ্ত তথ্য মতে,বহু বছৰ ধৰি অসম গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈ আহিছে এনে ঘটনা। অকল ৰাইদঙীয়া শাখাতেই নহয় ধিঙৰ শাখাতো সংঘটিত হৈছিল অনুৰূপ ঘটনা । তদুপৰি অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্রতো ভূৱা জৱ কাৰ্ড আৰু সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামতো সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। 

এতিয়া ভূক্তভোগী সেনা জোৱান আৰু বেংকৰ গ্ৰাহকসকলে গ্ৰামীন বিকাশ বেংকত সংঘটিত হৈ থকা অবাধ দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী কৰিছে। ইফালে, ন্যায়ৰ অপেক্ষাত আছে ভূক্তভোগী সেনা জোৱানজনো।  জাজৰি আৰক্ষীয়ে সেনা জোৱানজনক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব ৷