লখিমপুৰঃ ৰাজ্যত অব্যাহত আছে জালনোটৰ চোৰাং বেহা ৷ লখিমপুৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ জালনোট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা মেচিনসহ এজনক আটক কৰে ৷

জানিব পৰা মতে, লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ অভিযানত জালনোট চক্ৰৰ কুখ্যাত ব্যৱসায়ী মিজানুৰ ৰহমান ওৰফে মিজুক ২নং ইছলামপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা আৰক্ষীৰ অনুসন্ধানত জালনোট চক্ৰটোৰ বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে ৷ বৰ্তমান ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷