ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত নামি পৰিল জন্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষীৰ দল৷ শনিবাৰে শ্ৰীনগৰত সেনা-আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ শিৱিৰত আক্ৰমণ চলোৱাত ৩ সন্ত্ৰাসবাদী নিহত হয়৷ তাৰ পিছতে দেওবাৰে পুনৰ সেনা-আৰক্ষীয়ে জন্মু-কাশ্মীৰৰ চোপিয়ান জিলাত আত্মগোপন কৰি থকা এটি সন্ত্ৰাসবাদীৰ ছাউনীত অতৰ্কিত আক্ৰমণ চলায়৷

নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দেওবাৰে ৫ সন্ত্ৰাসবাদী নিহত হয়৷ আনহাতে নিহত সন্ত্ৰাসবাদী কেইজনৰ মাজত এগৰাকী হিজবুল মুজাহিদিনৰ শীৰ্ষ নেতাও আছিল বুলি জানিব পৰা গৈছ৷ আনফালে নিহতসকলৰ মাজত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকো আছে৷ 
 
আৰক্ষীয়ে জনোৱা মতে, মহম্মদ ৰফি ভাট নামৰ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকগৰাকী সন্ত্ৰাসবাদীসকলৰ বাৰ্তাবাহক আছিল৷ তেওঁ হিজবুল কামাণ্ডাৰ চাদ্দাম পাদ্দাৰৰ সৈতে যোগাযোগ ৰাখিছিল৷

দেওবাৰে তেওঁ নিহত হিজুবল মুজাহিদিনৰ শীৰ্ষ নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আৰক্ষীয়ে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কৈছিল যদিও মহম্মদ ৰফি ভাটে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰাত শেষত নিৰাপত্তাবিহিনীয়ে তেওঁৰ ওপৰত গুলি চলাবলৈ বাধ্য হয়৷  

আনহাতে দেওবাৰে সেনা-আৰক্ষীৰ অভিযানত ৫ সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ অঞ্চলটোত আৰু কোনো সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে নেকি সেয়া তালাচী চলোৱা হৈছে৷ পৰিস্থিতি এতিয়া শাম কটা বুলি জানিব পৰা গৈছে৷

ইফালে দক্ষিণ কাশ্মীৰৰ জৈনপাৰাৰ বাৰিগাঁও ইমামা চাহেব চত্বৰতো সেনা-আৰক্ষীয়ে মিলি অভিযান চলায়৷ সেইসময়তে সন্ত্ৰাসবাদীয়ে সেনা-আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ কৰাত দুই পক্ষৰ সংঘৰ্ষত কেইবাজনো সেনা জোৱান আৰু আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে৷