গুৱাহাটীঃ দেওবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক বিবৃতি যোগে সংগঠনটোৰ প্ৰাক্তন উপদেষ্টা দলিল চেতিয়াৰ বিৰুদ্ধে নীতিবহিৰ্ভূত ভাৱে দান-বৰঙণি তথা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ newsnextone.comত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে দলিল চেতিয়াই মটক ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিন্তু বৰুৱাক উভতি ধৰে৷

newsnextone.comৰ কাৰ্যালয়ত ফোনযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলিল চেতিয়াই তেও টকা সংগ্ৰহ কৰিব যোৱা নাই বৰঞ্চ তেওক কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু চাবুৱা আঞ্চলিক সমিতিৰ নেতাই ধন সংগ্ৰহৰ বাবে লগত লৈ গৈছিল বুলি কয়৷ দলিল চেতিয়াই প্ৰতিক্ৰয়া প্ৰকাশ কৰে এনেদৰে "মই সৰ্বা দা সমুজ্জ্বল দাৰ লগত আছু কৰা মানুহ৷ মই মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক আছিলো৷ ১৯৯৫ চনৰ পৰা সমাজৰ-সংগঠনৰ কাম কৰি আহিছো৷ মই ব্যক্তিগত-ঘৰুৱা অসুবিধাৰ বাবে মটক ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি লৈছো৷ অব্যাহতি লোৱাৰ পিছতো তেওলোকে মোক অব্যাহতি দিয়া নাই৷ মই এতিয়া সংগঠনৰ পৰা অব্যাহতি লোৱা জ্যেষ্ঠ মানুহ৷ সংগঠনটোৰ সৰু সৰু লৰাই মোৰ পৰা শিকিব বিচাৰে৷ মই মানুহটো সংগঠনটোৰ পৰা ওলাই আহিলেও মোৰ মনটো ওলাই অহা নাই" বুলি কয় দলিলে৷

এই অভিযোগৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত তথা অভিযোগ খণ্ডন কৰি আৰু কয়-"মই কেনেকৈ টকা সংগ্ৰহ কৰিম হে৷ মোৰ লগত ৰিছিভ আছে নেকি৷ শনিবাৰে ডিব্ৰুগড়ত সংগঠনটোৰ কেইজনমানে মোক লগ পায় সহায় কৰিব লাগে বুলি মাতি নিলে৷ মোৰ সৈতে আছিল সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা সুলভ জ্যোতি শইকীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মানস শইকীয়া আৰু চাবুৱা আঞ্চলিক সমিতিৰ সম্পাদক ভাস্কৰজিৎ শইকীয়া৷ তেওলোকে সোমবাৰে ডিব্ৰুগড় জিলা বন্ধ দিছে৷ তাৰ বাবে বেনা-পোষ্টাৰ বনাবৰ বাবে সহায় কৰিব লাগে বুলি মোক লৈ গৈছিল৷ মই মটক জাতিৰ মানুহ৷ তাত বৈধ-অবৈধ ধন সংগ্ৰহৰ কথা নাই৷ এইবোৰ কৰিলেও ৰেচপেক্ট, ৰেপুটেশ্যন শেষ হৈ নাযায়৷ মোক সহায় কৰক বুলি মাতি নি এইবোৰ কৰা উচিত নহয়" বুলি স্পষ্ট কৰে সংগঠনটোৰ প্ৰাক্তন উপদেষ্টাগৰাকীয়ে৷

দেওবাৰে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰাক্তন উপদেষ্টাগৰাকীয়ে নীতিবহিৰ্ভূত ভাৱে দান-বৰঙণি তথা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিন্তু বৰুৱাই সংগঠনৰ গৰিমাত আঘাত হনাত আমি দুখ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে প্ৰাক্তন উপদেষ্টাগৰাকীক এনে কাৰ্যৰপৰা বিৰত থাকিবলৈও সকীয়াই দিছিল৷ কেন্দ্ৰীয় সমিতিৰ উদ্দেশ্য সাংবাদিকলৈ প্ৰেৰণ কৰা বিবৃতিত প্ৰকাশৰ পিছত উপদেষ্টাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও প্ৰকাশ কৰিছিল৷