newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়াৰ সমীপবৰ্তী বৰজহাত যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ দেওঁবাৰে সামৰণি পৰে। ২নং বৰজহা সমন্বয় সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি পৰাত এখন মুকলি সভা অনুষ্ঠিত হয়। সমাজকৰ্মী ভোগেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শ্ৰী শ্ৰী বটদ্ৰবা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ অনুশীলনৰ প্ৰয়োজন আছে বুলি কয়।

সভাৰ আন এগৰাকী বিশিষ্ট অতিথি তথা সাংবাদিক জ্যোতি প্ৰসাদ বৰাই অসমীয়া সংস্কৃতিৰ উত্তৰণ, সংকট আৰু প্ৰসাৰৰ সন্দৰ্ভত তাত্বিক বক্তব্য প্ৰদান কৰে। যতীন কাকতি, কুশ কাকতি, বেনুদত্ত বৰুৱা, যোগেন বৰুৱা, লক্ষণ খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে সভাত অংশগ্ৰহণ কৰে। অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে সত্ৰীয়া শৈলীৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তুলিবলৈ সক্ষম হয়। 

উল্লেখ্য, সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এই কৰ্মশালাত মাজুলীৰ মুহিধৰ বৰা মুখ্য প্ৰশিক্ষক ৰূপে উপস্থিত থকাৰ বিপৰীতে বিশ্বজিৎ মজুমদাৰ, গৌতম বৰা, পল্লৱী খাটনিয়াৰ ভৰালী, কুকি খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল।