খাৰুপেটীয়াঃ ৯০ বছৰীয়া সাহিত্যৰ সাধক হাজী আবুল হুছেইন ৰচিত ‘বকুল ফুলৰ মালা’ নামৰ পুথিখন শুকুৰবাৰে উন্মোচন কৰা হয়৷ দৰং জিলাৰ ধূলাৰ মহলীয়াঝাৰৰ অভয় পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় হাজী আবুল হুছেইনৰ গ্ৰন্থ খন।

অৱসৰ প্ৰাপ্ত শিক্ষক নায়ক আলী বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত প্ৰায় তিনি শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে। অভয় পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন ডেকাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত অসম সহিত্য সভাৰ আজীৱন সদস্য তথা অৱসৰ প্ৰাপ্ত শিক্ষক জামাল উদ্দিন আহমেদ, অৱসৰ প্ৰাপ্ত শিক্ষক আমজাদ হুছেইন, খলিলুৰ ৰহমান, পুথিখনৰ প্ৰকাশক ফজল হকে পুথি প্ৰণেতা আবুল হুছেইনৰ সাহিত্য চৰ্চা প্ৰসংশা কৰা দেখা যায়৷

অৱসৰ প্ৰাপ্ত অধ্যাপক অাব্দুল মজিদে পুথিখন উন্মোচন কৰে। অঞ্চলটোত প্ৰথম বাৰৰ বাবে পুথি উন্মোচন হোৱাত লিখক হাজী আবুল হুছেইনক সাহিত্য অনুৰাগী ৰাইজে ভূয়সী প্ৰসংশা কৰে। পুথি উন্মোচনী সভাখনৰ আঁত ধৰে জয়নাল আবদিনে।