কোকৰাঝাৰঃ ধুবুৰী জিলাৰ চাপৰৰ জ্ঞানদীপ একাডেমীৰ স্কুলৰ সন্ধানহীন শিক্ষক ৰফিক উদ্দিন আহমেদৰ(৪০) মৃতদেহ আজি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে৷ উল্লেখ্য যে যোৱা ২৫ আগষ্টত শিক্ষক ৰফিক উদ্দিন আহমেদ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল ৷ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত যোৱা ২৬ আগষ্টত চাপৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত শিক্ষক ৰফিক উদ্দিনৰ সন্ধান উলিয়াবলৈ অভিযান চলাইছিল আৰু সেইমতে যোৱা ২৬ আগষ্টতে কোকৰাঝাৰ জিলাৰ বিশমূৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত ঘন জংঘলত চিপজৰী লৈ থকা অৱস্থাত শিক্ষক গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ চহৰৰ গৌৰাং নদীৰ পাৰত থকা মৰ্গত ৰাখিছিল আৰু সেইমতে আজি পৰিয়ালৰ সদস্যই খবৰ লাভ কৰি মৰ্গত আহি মৃতদেহ চিনাক্ত কৰে৷ 

ইপিনে যোৱা ২৬ আগষ্টতে শিক্ষক গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতো পৰিয়ালৰ লোকে পলমকৈ খবৰ নোপোবা ক্ষুব্ধ হৈ পৰে ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে যিহেতু চাপৰ থানাত ঘটনাসন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল আৰু সেইমতে মৃতদেহটোৰ সন্ধান পোৱাৰ পিছত পৰিয়ালৰ লোকক খবৰ দিব লাগিছিল৷

কিন্তু তাকে নকৰি আৰক্ষীয়ে পৰিয়ালৰ লোকক খবৰ দিয়াৰ পৰিৱৰ্তে মৃতদেহটো মৰ্গত ৰাখি থোৱাত ঘটনাটোৰ আঁৰত গভীৰ ৰহস্য থকা বুলি পৰিয়ালে অভিযোগ কৰিছে ৷পৰিয়াল বৰ্গই অভিযোগ কৰা মতে মৃতদেহটোৰ ডিঙিত স্পষ্টভাৱে যিহেতু আঘাতৰ চিন আছে সেয়ে পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷

পৰিয়ালে অভিযোগ কৰা মতে শিক্ষকগৰাকীয়ে যদি আত্মহত্যাই কৰিছে তেন্তে চাপৰ পৰা ৫০ কিলোমিটাৰ দুৰত গৈ ঘন জংঘলত আত্মহত্যা কৰাৰ যুক্তি নাই ৷ শিক্ষক গৰাকী বিশমূৰীৰ ঘন জংঘলত আত্মহত্যা কৰা ঘটনাৰ আৰঁত গভীৰ ৰহস্য থকা বুলি অভিযোগ কৰি ঘটনাটোৰ এক তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালবৰ্গই৷

আনহাতে এক বিশেষ সূত্ৰ অনুসৰি শিক্ষক ৰফিকউদ্দিন আহমেদে যোৱা কিছুদিনৰ পৰা মানসিক অন্তদ্বন্দত ভূগিছিল আৰু কিছু খেয়ালী আচৰণ কৰিছিল। তেনে আচৰণৰ পৰিণতিতেও শিক্ষকগৰাকী ঘৰৰ পৰা বহু দূৰৈত আত্মহত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।