newsnextone.com | নগাঁওঃ নগাঁও জিলাত বিগত কেইবাদিন ধৰি সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হোৱাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, পেছাত টেন্ট হাউছৰ কৰ্মচাৰী ম'হমৰীয়াৰ বাসিন্দা দিবাকৰ দাস নামৰ যুৱকজন কিছুদিন ধৰি সন্ধান হৈ আছিল।

ইয়াৰ পিছতে শনিবাৰে এক পৰিত্যক্ত স্থানত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনৰ মূৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি পৰিয়াল আৰু প্ৰত্যক্ষদৰ্শীয়ে সেয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে।

ইফালে মৃতদেহটো আৰক্ষী উদ্ধাৰ কৰাৰ পিছত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।