newsnextone.com | তামুলপুৰঃ তামুলপুৰৰ অন্যতম  মহিলা সংগঠন  নিৰ্মলা মহিলা সমাজে  অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য সংগীত শিল্পী দীপালী বৰঠাকুৰৰ গুৱাহাটীৰ নিজ বাসভৱনত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।নিৰ্মলা মহিলা সমাজ, তামুলপুৰৰ হৈ হিৰন্ময়ী দাস, বিজু বৰবৰুৱা, কিৰণ মজুমদাৰৰ নেতৃত্বত ২২ আগষ্টত শিল্পীগৰাকীৰ গুৱাহাটীস্থিত বাসভৱনত এখনি মানপত্ৰ, গামোচা, এৰি চাদৰে আদিৰে শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আশু আৰোগ্য কামনা কৰে।