ডিজিটেল ডেস্কঃ হলিউড কি বলিউড, অনুৰাগীৰ অভাৱ নাই অভিনেত্ৰী দীপিকা পাডুকনৰ৷ অনবদ্য অভিনয় আৰু সৌন্দৰ্যৰে সদায় অনুৰাগীৰ মন মুগ্ধ কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে৷ 

কিন্তু এতিয়া যেন বেয়া দিন চলিছে দীপিকাৰ৷ কিছুদিনৰ পৰা সঘনাই অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰি আহিছে অনুৰাগীয়ে৷ শেহতীয়াকৈ ইনষ্টাগ্ৰামত এখন আন্তৰাষ্ট্ৰীয় আলোচনীৰ বাবে কৰা ফটোশ্বুটৰ ফটো দিছিল দীপিকাই। 

লগে লগে অনুৰাগীৰ পৰা আহিল ঠাট্টাসূচক কমেন্ট৷ কিছুমানে যদি দীপিকাক ’চিকেন’ বুলি অভিহিত কৰিলে, আন কিছুমানে আকৌ অভিনেত্ৰীগৰাকীয়ে পুষ্টিহীনতাৰ ৰোগী বুলি উল্লেখ কৰে৷ 

আকৌ বহুতে মৃতদেহ বুলিও কমেন্ট দিয়ে এই ফটোখনত৷ বৃহস্পতিবাৰে নিশা পোষ্ট কৰা এই ফটোখনত ৫ লাখতকৈ অধিক কমেন্ট আহে৷ 

ইয়াৰ পূৰ্বেও বিগত মাহত মেক্সিম আলোচনীখনৰ বাবে কৰা ফটোশ্বুটৰ ফটো দিছিল দীপিকাই৷ উক্ত ফটোত পৰিধান কৰা কাপোৰক বহুতে অশ্লীল বুলি মন্তব্য দিছিল৷