newsnextone.com | ডিজিটেল ডেস্কঃ দক্ষিণ পূৱ দিল্লীৰ জামিয়া নগৰ অঞ্চলৰ এজন ২৬ বৰ্ষীয় যুৱকে নিজ পিতৃ-মাতৃক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ দুবছৰ পুৰণি ফেচবুক প্ৰেমিকাৰ সতে বিবাহৰ সন্মতি নিদিয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, কানপুৰৰ এগৰাকী মহিলাৰ সৈতে আব্দুল ৰহমান নামৰ যুৱকজনৰ ফেছবুকত প্ৰেম দুবছৰ ধৰি চলি আছিল৷ কিন্তু পিতৃ-মাতৃয়ে ২০১৭ চনত অন্য এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ বিয়া পাতি দিয়ে৷

কিন্তু বিয়াৰ পিছতো আব্দুল ৰহমানে গোপনে কানপুৰৰ ফেচবুক বান্ধৱীৰ সৈতে অবৈধ প্ৰেম চলাই নিয়াৰ লগতে মাজে সময়ে লগ কৰে৷ আনহাতে আব্দুলে যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে৷ 

কিন্তু পিতৃ-মাতৃয়ে একমাত্ৰ পুত্ৰৰ এই আচৰণৰ বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ সৈতে থকা সম্পৰ্কত হস্তক্ষেপ কৰে৷ যাৰ ফলত ক্ষুণ্ণ হৈ পৰে আব্দুল ৰহমান৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আব্দুলে এটি কল চেন্টাৰত কাম কৰিছিল যদিও নিচাসক্তি থকাৰ বাবে চাকৰিটো হেৰুৱাৱলগীয়া হয়৷ আনফালে কানপুৰৰ মহিলাগৰাকীৰ সৈতে থকা অবৈধ প্ৰেমত বাধা প্ৰদান কৰাত পিতৃ-মাতৃৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে আব্দুল৷ যুৱকজনে দুগৰাকী বন্ধুৰ সৈতে পৰিকল্পনা কৰি শুই থকা পিতৃ-মাতৃক ডিঙি চেপি হত্যা কৰি ৰাস্তা মোকলাই লয়৷

আৰক্ষীয়ে জনোৱা মতে, যুৱকজনে বৃদ্ধ পিতৃ-মাতৃক হত্যা কৰাৰ আন এটা কাৰণ হৈছে পিতৃৰ সম্পত্তি৷ পিতৃৰ সম্পত্তি হস্তগত কৰি কানপুৰ নিৱাসী ফেচবুক বান্ধৱীৰ সৈতে বিবাহ সম্পন্ন কৰিব বিচাৰিয়েই এই হত্যা সংঘটিত কৰা বুলি আৰক্ষীয়ে কয়৷

আনহাতে, আৰক্ষীয়ে আব্দুলৰ ঘৰৰ পিছফালে পিতৃ-মাতৃৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত মৰোণত্তৰ পৰীক্ষাৰ বাবে এইমছ হস্পিতাললৈ প্ৰেৰণ কৰে৷ মৰোণত্তৰ পৰীক্ষাত ডিঙি চেপি হত্যা কৰা বুলি প্ৰমাণিত হোৱাত সন্দেহৰ আওতাত লৈ আৰক্ষীয়ে আব্দুল ৰহমানক সোধপোছ আৰম্ভ কৰে৷ তাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷

নিজ পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে আব্দুল ৰহমান আৰু সহযোগী নদীম আৰু গুদ্দুক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অভিযুক্ত যুৱক কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷