নামতিঃ আহোম ৰজাৰ শাসন কালত ধোদৰ ভাও ধৰি কামৰ পৰা পলায়ণ কৰা একাংশ গোঁসাই আৰু ভকতক বন্দী কৰি নিৰ্মাণ কৰা হৈছিল ঐতিহাসীক ধোদৰ আলি। ইতিহাস মতে আহোম ৰজা গদাধৰ সিংহৰ দিনত ১৬৮১-১৬৯৫ চনত ধোদৰ আলি নিৰ্মাণ হৈছিল৷ ছশ বছৰ আহোম ৰাজত্বৰ কালত কাম কৰিবলৈ ইচ্ছা নথকা একাংশ ধোদৰূপী মানুহৰ হাতেৰে মাথো ১৪ বছৰৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল ধোদৰ আলি।

ধোদৰ হতুৱাই নিৰ্মাণ কৰা হোৱা এই ধোদৰ আলি এতিয়া আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ঠিকাদাৰে কেবা বছৰ ধৰি নিৰ্মাণ কৰিবলৈ সমৰ্থ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। আহোম যুগত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ কোনো ধাৰণা নথকাৰ সময়তে মাথো ১৪ বছৰত নিৰ্মাণ কৰা হৈছিল ধোদৰ আলি৷ কিন্তু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ণৰ সময়ত এগৰাকী ঠিকাদাৰে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি উলিয়াব পৰা নাই আহোম যুগৰ ঐতিহ্য বহনকাৰী ধোদৰ আলি৷

বৰ্তমানৰ ধোদৰ আলি নিৰ্মাণ কৰা ঠিকাদাৰগৰাকীক শিৱসাগৰ, চৰাইদেউ আদি জিলাৰ লোকে আহোম যুগৰ ধোদতকৈ অধম আখ্যা দি ক্ষোভিত হৈ পৰিছে৷ আহোমুগৰ স্মৃতি বিজড়িত ধোদৰ আলিটো গোলাঘাট, চৰাইদেউ হৈ শিৱসাগৰৰ মাজেৰে পাৰ হৈ যোৱা পথটো যাতায়তৰ একমাত্র সম্বল৷ প্ৰায় ৪ বছৰ পূৰ্বে ডিব্ৰুগড়ৰ জনৈক মুন বৰদলৈ নামৰ ঠিকাদাৰজনে লাভ কৰিছিল ধোদৰ আলি নিৰ্মাণৰ ঠিকা৷ চাৰি বছৰ উকলি যোৱাৰ পিছতো আজিকোপতি নিৰ্মাণ সমাপ্ত নোহোৱাত অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ।

অানহাতে যিটো অংশৰ নিৰ্মাণ সমাপ্ত হৈছে সেয়া ৯-১০ মাহৰ ভিতৰতে নষ্ট হৈ পুখুৰীসদৃশ গাতৰ সৃষ্টি হৈ সম্প্ৰতি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। বিভাগীয় নীতি-নিয়মক জলাঞ্জলি দি নিৰ্মাণ কৰা বাবেই পথটোৰ এই দুৰৱস্থা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। নিয়ম অনুসৰি ব্লেক-লিষ্টেড হ'বলগা ঠিকাদাৰজনে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি চলি থকা বুলিও সচেতন মহলে অভিযোগ উত্থাপন কৰিছে৷ এনেদৰে পথটোৰ নিৰ্মাণৰ ম্যাদ ইতিমধ্যে উকলি গৈছে যদিও আজিলৈ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাত হতভম্ব হৈ পৰিছে সকলো।

ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈছে জনৈক মুন বৰদলৈ নামৰ ঠিকাদাৰজনে। ৩৭নং ৰাষ্ট্রীয় ঘাই পথ সংযোগী গোলাঘাট চহৰ, তিতাবৰ, মৰিয়ণী, আমগুৰি, নামতি, নাজিৰা, সোণাৰি অসম নাগালেণ্ড সীমান্ত হৈ নাহৰকটীয়াত অন্ত পৰা ধোদৰ আলি উজনি অসমৰ ব্যৱসায় ক্ষেত্ৰটো গুৰুত্ব পুৰ্ণ। অসম সম্পদ চাহপাত, কয়লা, খনিজ তেলৰ লগতে বহুতো মূল্যবান সামগ্রী সৰবৰাহ কৰাৰ লগতে দৈনিক হাজাৰ হাজাৰ গাড়ী-মটৰ, বাইক তথা স্কুল-কলেজৰ ছাত্র-ছাত্রী, ব্যৱসায়ী, চাকৰিয়াল আদি আহ-যাহ কৰে।

ধোদৰ আলি এতিয়া ধোদৰ পুখুৰীলৈ ৰূপান্তৰিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আছুৱে। শুকুৰবাৰে আছুৰ নামতি আঞ্চলিক সমিতিৰ এটি দলে পথটো পৰিদর্শন কৰি ক্ষোভিত হৈ পৰে৷ ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ চুড়ান্ত অৱহেলা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে বছৰ বছৰ ধৰি যমৰ-যাঁতনা ভোগি অহা বুলি অভিযোগ কৰি আহিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিত্রদল অগপৰ বিধায়ক প্রদীপ হাজৰিকা আৰু বিৰোধী দলপতি দেবব্রত শইকীয়াৰ আমগুৰি-নাজিৰা সমষ্টিক সামৰি লোৱা নামতি চাৰিআলিৰ মাজমজিয়াৰ পৰা নাজিৰা বালিঘাটলৈকে পথটো শোচনীয় হৈ পৰাৰ পাছতো গুৰুত্ব আৰোপ কৰা নাই।

পথটোৰ এই অংশটো বিশ্ব বেংকৰ অনুদানেৰে ডিব্রুগড়ৰ মুন বৰদলৈয়ে ২০১২ চনৰ পৰা নির্মাণৰ কাম আৰম্ভ কৰি ২০১৭ চন পৰ্য্যন্ত পথটো নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰিলে৷ প্রায় ১০ কিলোমিটাৰ পথটো নির্মাণৰ কাম সম্পুৰ্ণ নহওঁতেই পকীবোৰ এৰি গৈছে৷ যাৰ ফলত পথৰ মাজতেই  সৃষ্টি হৈছে পুখুৰী সদৃশ প্রকাণ্ড প্রকাণ্ড গাঁত। আনহাতে পথটোৰ চাইড-বাম অতি নিম্নমানৰ হোৱাত সঘনে দূর্ঘটনা সংঘটিত হৈ আহিছে৷

বিভিন্ন দল সংগঠনে ৰাইজৰ সহযোগত বহুবাৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে যদিও ঠিকাদাৰ মুন বৰদলৈয়ে সকলোকে বৃদ্ধা অংগুষ্ঠহে প্রদর্শন কৰা পৰিলক্ষিত হয়। গড়কাপ্তানি বিভাগৰ একাংশ বিষয়া-অভিযন্তাই ঠিকাদাৰৰ সৈতে কৰা মিতিৰালিত অতিষ্ঠ হৈ  নামতি আঞ্চলিক ছাত্র সন্থাই ঠিকাদাৰ মুন বৰদলৈয়ে অনতি পলমে ধোদৰ আলিৰ নামতি চাৰি আলিৰ পৰা নাজিৰা বালিঘাট অংশটো নির্মাণৰ কাম সম্পূর্ণ নকৰিলে অনির্দিষ্ট কাললৈ পথ অৱৰোধ কৰাৰ ভাবুকি প্ৰদান কৰে৷