ধুবুৰীঃ এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে পুৱাৰে পৰা ধুবুৰী জিলাৰ গৌৰীপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গৌৰীপুৰ নাৰ্ছিংহোমত প্ৰসূতিৰ মৃত্যু হোৱাৰ পিছতে একাংশ লোক উত্তেজিত হৈ পৰে আৰু চিকিৎসকক প্ৰহাৰ কৰিবলৈ উদ্যত হয়৷ ইমানে নহয় প্ৰায় ৫ঘন্টা সময় একাংশ লোকে চিকিসালয়ৰ বহু ৰোগী, চিকিৎসক, নাৰ্চক পনবন্দী কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

যাৰ ফলত চিকিৎসালয়ৰ ভিতৰত ৰোগীয়ে হাহাকৰ কৰিব লগা হয়৷ জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৫ বজাত গৌৰীপুৰৰ দুমৰদাহ গাঁৱৰ চাৰ্জিনা খাতুন নামৰ মহিলাগৰাকীৰ প্ৰসৱৰ সময় হোৱাত গৌৰীপুৰৰ বেপাৰীপট্টীৰ নাৰ্ছিংহোমলৈ পৰিয়ালৰ লোকে লৈ আহে৷ তাৰ পিছতে চিকিৎসকে পৰীক্ষা-নিৰিক্ষা কৰি চিজাৰিং কৰিবলৈ থিৰাং কৰে৷ চাৰ্জিনাক বন্তি কাকতি নামৰ চিকিৎসকগৰাকীৰ নিৰ্দেশত এটি বেজি দিয়া হয়৷

বেজি দিয়াৰ পিছতে মহিলাগাৰকীৰ অৱস্থা বেয়াৰ ফালে ঢাল খাই আৰু কিছু সময় পিছতে মৃত্যু হয়৷ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে পৰিয়ালৰ লোকসকল উত্তেজিত হৈ পৰে৷ উত্তেজিত লোকসকলে নাৰ্ছিংহোমৰ লোকক মাৰ-ধৰ কৰাৰ চেষ্টা চলাই৷ কিছু সময় পিছতেই বহু লোকৰ সমাগম হয়৷

নাৰ্ছিংহোমত উত্তেজিত লোকে প্ৰৱেশ কৰি তাণ্ডৱ চলাই৷ চিকিৎসকগৰাকীক মাৰ-ধৰ কৰিয়েই ক্ষান্ত নাথাকি মূৰৰ চুলি টানি ছিঙি আক্ৰমণ কৰে৷ পিছত আৰক্ষী, চিআৰপিএফ মোতায়ান কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গুৰুতৰ ভাবে আহত চিকিৎসকগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে৷ চিকিৎসকগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বঙাইগাঁও লয়াৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

মহিলা চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ সৈতে জৰিত মজিবৰ ৰহমান আৰু মনিৰ উদ্দিন নামৰ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দুয়োজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাইজে উত্তেজিত হৈ পৰে৷ প্ৰায় ৫ঘন্টা চিকিৎসালয়ৰ আহ-যাহ কৰা মূল পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ পথ বন্ধ কৰি ৰাখি মজিবৰ আৰু মনিৰ উদ্দিনক নামৰ লোকদুজনক মুকলি কৰাৰ দাবী জনায়৷ 

প্ৰশাসনক মৃতদেহ উলিয়াই নিবলৈ নিদিয়াত অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সৰ্ব শক্তি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীৰ মাজেৰে মৃতদেহ উলিয়াই লৈ যায়৷ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত চাৰ্জিনা নামৰ প্ৰসূতি গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷