ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লগতে ৰাজ্য খনত শান্তি-সম্প্ৰীতি-ঐক্য কামনা কৰি শুকুৰবাৰে পৰা ডিফুত আৰম্ভ হৈছে শ্রীমদ্ভাগবত সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাগৱত পাঠ৷ ১৮ খন মহাপুৰাণৰ ভিতৰত শ্রীমদ্ভাগবত সূৰ্য্য পুৰাণ বুলি কোৱা হয়৷ সেই সূৰ্য্য পুৰাণস্বৰূপ ভক্তি মাৰ্গৰ প্ৰধান শাস্ত্ৰ শ্রীমদ্ভাগবত যাত্ৰা কৰে ডিফুবাসীয়ে৷

ডিফু বজাৰৰ মাজেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰত সুদুৰ বৃন্দাবনৰ পৰা অহা পণ্ডিত লেখৰাম শাস্ত্ৰী মহাৰাজৰ লগতে তেওঁৰ সংগী পণ্ডিত ভক্তৰ লগতে ই এম ৰতন টেৰণ, কাৰ্বি, ডিমাছা, বেংগলী, নেপালী, মাৰোৱাৰী, বিহাৰী, বড়োকে আদি কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, কৃষ্ণপ্ৰেমী ভকত বৈষ্ণৱ সকলে অংশ লয়৷ ভক্তিৰ আধাৰ স্বৰূপা আইমাতৃ সকলৰ লগতে যুৱক-যুৱতী, জ্যেষ্ঠ কণিষ্ঠ সকলৰ অংশ গ্ৰহণ ঐকান্তিক সহযোগিতাই এই অনু্স্থান মহিমামণ্ডিত কৰি তোলে। আবেলি ২ বজাৰ পৰা মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত হৈছে ভাগৱত কথা প্ৰৱচন৷