ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফু চহৰস্থিত জিলা কাৰাগাৰৰ ভিতৰত কয়দীয়ে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শনিবাৰে এগৰাকী যাৱজ্জীৱন কাৰাবাস খাতি থকা কয়দীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হয়৷ 

জানিব পৰা মতে, ডিফুৰ জিলা কাৰগাৰৰ ভিতৰৰ আবাসত জেলৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসমূহৰ পৰিয়াল থাকে৷ যোৱা ২৪ এপ্ৰিলত এগৰাকী নিৰাপত্তাৰক্ষীৰ পত্নী আবাসত অকলে আছিল৷ অকলে থকাৰ সময়ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীয়ে ধৰ্ষণ কৰে৷ 

যোৱা তিনিদিন ধৰি এই কাণ্ড পোহৰলৈ অহা নাছিল যদিও শনিবাৰে ঘটনা সন্দৰ্ভত ডিফু সদৰ থানাত এজাহাৰ দাখিল কৰে নিৰাপত্তাৰক্ষীৰ পত্নীয়ে৷ নিৰাপত্তাৰক্ষী পত্নীক কাৰাগাৰৰ চৌহদতে কয়দীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷