newsnextone.com।তেজপুৰঃ তেজপুৰ সমষ্টিৰ অধীনৰ মিলনপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডিপোটা মধ্য ও উচ্চ মাধ্যমিক বিদ্যালয়ৰ  ২০১৮-১৯ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন দিনজোৰা কাৰ্য্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক লিলাম্বৰ বৰাই উদ্বোধন কৰা মুকলি সভাখনিৰ পৌৰহিত্যত কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৰুন বৰাই।

সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বৰগীত আৰু সমবেত সংগীত পৰিবেশন কৰা হয়। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ দাস,বিশিষ্ট শিক্ষাবিধ কমলা কান্ত কলিতা,মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ সভাপতি গোলাপ বৰুৱা, সম্পাদক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপুৰ্ব বৰাই অতিথিৰূপে অংশ গ্ৰহণ কৰা বিভিন্ন নৃত্যগীতৰে মুখৰিত সভাত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে অংশগ্ৰহণ কৰে।