newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত অবাধ গতিত নিচা জাতীয় দ্ৰব্যৰ মুকলি বেহা চলাই থকাৰ অভিযোগ নতুন নহয় ৷ জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত ড্ৰাগছ-কানিৰ মুক্ত প্ৰচলন চলা বুলিও অভিযোগ আছে। 

জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত আৰক্ষী প্ৰশাসনে অভিযান চলাই বহুকেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে বৃহস্পতিবাৰে পুনৰ  অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰস্থিত গেটত অৰুণাচল আৰক্ষীৰ সহযোগত জাগুন আৰক্ষীয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ 

জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা কাৰ্পূংপুলি গাঁৱৰ ৰাজা পেগু আৰু জীৱন পেগু নামৰ ড্ৰাগছ ব্যৱসায়ী দুজন আৰক্ষীৰ জালত পৰে ৷ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে ৫২ গ্ৰাম ব্ৰাউন চুগাৰ সহ নগদ ধন উদ্ধাৰ কৰে ৷

 বিশেষ খবৰৰ ভিত্তিত জাগুন আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত জয়ৰামপুৰ গেটত অতৰ্কিতে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ ব্যৱসায়ী দুজনে জাগুনৰ পৰা অৰুণাচললৈ ড্ৰাগছ সৰবৰাহ কৰে বুলি অনুমান কৰা হৈছে ৷ আৰক্ষী প্ৰশাসনক ভ্ৰুক্ষেপ নকৰি একাংশ অসাধু চক্ৰই জনগোষ্ঠীয় এলেকা সমূহত ড্ৰাগছ, কানিৰ ৰমৰমীয়া ব্যৱসায় চলাই নিয়া কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।