‌ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ মিচিং জনগোষ্ঠীয়ে বুধবাৰে ৰাজ্যজুৰি আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰে৷ পৰম্পৰাগত ভাৱে জনগোষ্ঠীৰটোৰ লোকসকলে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰে৷ আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে৷ বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷

জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰ খনলৈ সুখ-শান্তি কামনা কৰে৷ ঘৰখন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৱাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ উদ্যোগতো মিচিং জাতীয় উৎসৱ আলি-আয়েঃ-লৃগাং ব্যাপক উৎসা‌হ-উদ্দীপনাৰে উদযাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৫তম  আলি-আয়েঃ-লৃগাং উৎসৱ দিনজোৰা কাৰ্যসূচীৰে পালন কৰে৷

মিচিং ছাত্ৰ অধ্যয়ন  চক্ৰৰ সাধাৰণ সম্পাদক মাধুৰ্য মিলি আৰু সভাপতি বলিন দলেৰ পৰিচালনাত আ‌ৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেবাশতাধিক মিচিং শিক্ষাৰ্থীৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক তথা অধ্যয়ন চক্ৰৰ উপদেষ্টা ভৱ কুমাৰ পেগুৱে পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে বীজ সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড০ পল্লৱী ডেকা বুজৰবৰুৱা, প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ডেভিদ কাৰডং আৰু ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

অধ্যাপক ড০ ডেভিদ কাৰডঙে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং শিক্ষাৰ্থীসকলে পঢ়াৰ মাজতে একত্ৰিত হৈ এনেদৰে নিজৰ নিজৰ জাতীয় কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ উলহ-মালহেৰে উৎসৱসমূহ উদযাপন কৰাটো অতি গৌৰৱ আৰু আনন্দৰ বিষয় বুলি কয়। অহা বৰ্ষত এই অনুষ্ঠান আৰু অধিক ব্যাপক ৰূপত আয়োজনৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো বুলিও কয়। ইফালে অনুষ্ঠানত সমূহ মিচিং ছাত্ৰীয়ে মচাং, এগ, ৰিঃ বি গাচেম, ছাত্ৰই ৰংচঙীয়া মিবু গালুক জাতীয় সাজ পিন্ধি উলাহতে ঐনিতম আৰু ঢোল-তালৰ লহৰত গুমৰাগ নৃত্য পৰিৱেশন কৰে।

ইয়াৰ উপৰিও অনুষ্ঠানত আলহী-অতিথিক পুৰাং আপিন অইন তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত আৰু মাংসৰে আপ্যায়ান কৰে। উল্লেখ্য যে, পাহাৰ ভৈয়ামত একাকাৰ হৈ মিচিং জনগোষ্ঠীৰ আছে নিজা পৰম্পৰা ভাষা, সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক কিছু ইতিহাস। যাৰ জৰিয়তে বৰ্ণিল মিচিং জনগোষ্ঠীয়ে নিজা পৰিচয় বহন কৰি পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন। মিচিং সকলে পালন কৰা উৎসৱ সমূহৰ ভিতৰত উল্লেখনীয় কৃষিভিত্তিক উৎসৱ হ’ল 'আলি-আয়েঃ-লৃগাং’।

বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰ খনলৈ সুখ-শান্তি কামনা কৰে৷ ঘৰখন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে৷

কৃষিভিত্তিক বসন্ত উৎসৱ আলি-আয়েঃ-লৃগাঙক লৈ বুধবাৰে ব্যস্ত হৈ পৰে প্ৰতিঘৰ মিচিং জনগোষ্ঠীৰলোক৷ প্ৰতিঘৰে অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাৱে সাজু হয় প্ৰতিখন গাঁও৷ ছায়া মদ, পুৰাং আপং সামগ্ৰীও সাজু কৰে গৃহিনীয়ে৷ মিচিং জনগোষ্ঠীৰ গৃহিনীয়ে পিছপৰি নাথাকে৷ আলি-আয়েঃ-লৃগাঙক লৈ ব্যস্ত সকলো৷ যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি পালন কৰি অহা আলি-আয়েঃ-লৃগাং বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকলেও পিছ পৰি নাথাকে৷

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি মিচিং জনগোষ্ঠীৰ লোক সকলে এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰিব আৰু সুখ-শান্তি, সমৃদ্ধিশালী হ’বৰ বাবে আশীৰ্বাদ বিচাৰিব৷ দেশ আৰু দহৰ মংগল কামনা কৰি আপোন ঘৰ খনৰ সমৃদ্ধি কামনা কৰে৷ প্ৰথম অৱস্থাত ফাগুন, চ’ত নতুবা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি-আয়েঃ-লৃগাং পালন কৰাৰ আৰম্ভ কৰে৷

মিচিং ডেকা-গাভৰুৱে আলি-আই-লৃগাঙত গুমৰাগ নৃত্য কৰে পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আজিৰে পৰা আৰম্ভ কৰে জনগোষ্ঠীটোৱে৷ আজি দিনটোৰ পৰা বাওধান খেতি কৰাৰ আৰম্ভণি কৰিব৷ ১৯৫৬ চনত গোগামুখত অনুষ্ঠিত কেবাংৰ অধিৱেশনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী উপস্থিত আছিল৷

সেই অধিৱেশনতে বানে কেবাঙে প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি-আয়েঃ-লৃগাং পালন কৰাৰ সিদ্ধান্ত লয়৷ আনহাতে কিছু দিন পূৰ্বে জোনাইত অনুষ্ঠিত হৈ যোৱা বানে কেবাঙৰ অধিৱেশনত আলি-আয়েঃ-লৃগাং উৎসৱত পৰম্পৰা ধৰি ৰাখিবলৈ কলা, কৃষ্টি, নৃত্য, গীত সমূহৰ চৰ্চা কৰিবলৈ সিদ্ধান্ত লৈ অসমৰ প্ৰতিখন মিচিং গাঁৱলৈ পত্ৰ প্ৰৰণ কৰে৷