ৰঙিয়াঃ ৰেল বিভাগত খালী হৈ থকা তিনি লাখ পদত শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰা, স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৰেলৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ পদসমূহ পূৰণৰ ব্যৱস্থা কৰা, বঙাইগাৱঁৰ পৰা ৰঙিয়া হৈ ডিব্ৰুগড়লৈ দ্বৈত ৰেলপথৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেলৰ দলঙৰ ব্যৱস্থা কৰা আৰু ৰেল সেৱাৰ মান উন্নীত কৰাৰ দাবীত তথা ভাৰতীয় ৰেলক ক্ৰমাৎ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত মঙলবাৰে ডিৱাইএফআইৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়া ৰেল জংচনৰ সমুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ 

প্ৰতিবাদী দৰ্শাই পথসভাৰ আয়োজন কৰা সংগঠনটোৰ কামৰূপ জিলা সভাপতি দীপক মহন্ত আৰু সম্পাদক দিলীপ ডেকাৰ নেতৃত্বত শতাধিক সদস্যই ‘ৰেল বিভাগৰ খালী পদসমূহ পূৰণৰ দিহা কৰক’, ‘ৰেলত থলুৱা নিবনুৱা যুৱকক বঞ্চিত কৰা নচলিব’, ‘শৰাইঘাটত দ্বিতীয়খন ৰেলৰ দলং শীঘ্ৰে নিৰ্মাণ কৰক’, ‘ৰাজ্যত দ্বৈত ৰেলপথৰ নামত ভেকোভাওঁনা নচলিব’ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ 

পিছত ৰেল জংচনৰ সম্মুখত সংগঠনটোৱে এখন পথসভাৰ আয়োজন কৰে ৷ সভাত ভাষণ দি ডি ৱাই এফ আইৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি বাসুৰাম কলিতাই কয় যে ভাৰতীয় ৰেলত তিনি লাখতকৈয়ো অধিক পদ খালী হৈ আছে ৷ কেন্দ্ৰীয় চৰকাৰে এই পদসমূহ পূৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে৷ 

বৰং চৰকাৰখনে নিবনুৱা যুৱক-যুৱতীসকলৰ মূৰত মাধমাৰ শোধাই পাঁচ বছৰতকৈ অধিক কাল ধৰি খালী হৈ থকা পদসমূহ বিলুপ্তিকৰণৰ বাবেহে পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ চৰকাৰখনৰ এই কাৰ্যক চৰম হঠকাৰী আৰু অগণতান্ত্ৰিক আখ্যা দি কেন্দ্ৰীয় চৰকাৰখনে সমগ্ৰ ৰেল বিভাগটোকে ক্ৰমাৎ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ এক গোপন এজেণ্ডা হাতত লৈছে বুলি কয় সংগঠনটোৰ কৰ্মকৰ্তাই৷ 

ইতিমধ্যে ৰেল বিভাগৰ বিভিন্ন অংশৰ কামকাজ ব্যক্তিগত খন্ডলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছেই ৷ দেশৰ ৰেল ষ্টেচনসমূহৰ যাত্ৰী সেৱাৰ নানান দিশ এতিয়া ব্যক্তিগত খন্ডৰ মালিকৰ হাতত ৷ এই ব্যৱস্থাই দেশৰ ৰেলযাত্ৰীসকলক আহুকালত পেলোৱাটো নিশ্চিত ৷

ইপিনে দেশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভূত প্ৰসাৰ ঘটিছে যদিও সেই তুলনাত ৰেলৰ যাত্ৰীসেৱাৰ মান বিজ্ঞানসন্মত হৈ উঠা নাই ৷ যাত্ৰীৰ চাহিদা অনুপাতে ৰেলৰ আন্তঃগাথনিৰ অভাৱো বিদ্যমান৷ দেশৰ বহু অংশ যিসময়ত ৰেলৰ মানচিত্ৰত সোমোৱা নাই তেনে সময়ত এচাম মুষ্টিমেয় ধনবান লোকৰ সুখ স্বাচ্ছ্যন্দৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বুলেট ট্ৰেইন চলাব বিচাৰিছে দেশৰ এক নিৰ্দিষট ভুখণ্ডত৷ এনেদৰে কয় সংগঠনটোৰ জিলা সভাপতি দীপক মহন্তই? 

ভাষণ মহন্তই কয় যে ৰাজ্যখনৰ থলুৱা নিবনুৱা যুৱক-যুৱতীয়ে দশক দশক ধৰি ৰেলৰ চাকৰিৰ পৰা বঞ্চিত হৈ আহিছে। প্ৰতি বছৰেই বহিঃৰাজ্যৰ হাজাৰ হাজাৰ যুৱকে আহি ৰাজ্যখনত ৰেলৰ চাকৰিত যোগদান কৰিছে৷ অথচ থলুৱা যুৱকে অজ্ঞাত কাৰণত চাকৰি নাপায়৷ ৰেলৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ খালী পদসমূহ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ যোগেৰে পূৰণৰ ব্যৱস্থা নকৰা পৰ্যন্ত অসমৰ নিবনুৱা যুৱকে ৰেলৰ চাকৰিৰ পৰা এনেদৰে বঞ্চিত হৈয়ে থাকিব ৷ এই ব্যৱস্থাৰ অন্ত পৰিবই লাগিব৷ য

আনহাতে ৰাজ্যত দ্বৈত ৰেলপথ নিৰ্মাণৰ নামত চূড়ান্ত ভেকোভাওঁনা চলি আছে বুলি মন্তব্য কৰি সংগঠনটোৰ জিলা সম্পাদক দিলীপ ডেকাই কয় যে নিউ বঙাইগাৱঁৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰেলপথৰ বাবে ২০১৩-১৪ চনৰ কেন্দ্ৰীয় বাজেটত ধন ধাৰ্য কৰাৰ পিছতো আজিকোপতি এই অংশত দ্বৈত ৰেলপথ নহ’ল ৷ ই ৰাজ্যবাসীৰ প্ৰতি চৰম বঞ্চনা ৷

শৰাইঘাটত দ্বিতীয় এখন ৰেলৰ দলং নিৰ্মাণ নকৰা পৰ্যন্ত ৰাজ্যৰ অৰ্থনীতি কোনোপধ্যেই টনকিয়াল কৰিব পৰা নাযাব বুলিও নেতাগৰাকীয়ে মন্তব্য কৰে ৷ সভাত সংগঠনটোৰ জিলা কাৰ্যনিৰ্বাহক সদস্য চফিকুল ইছলামেও ভাষণ দিয়ে৷ পথসভাৰ অন্তত ৰঙিয়া ৰেল জংচনৰ অধীক্ষকৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ সংগঠনটোৱে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷