গুৱাহাটীঃ শিক্ষা মন্ত্ৰীয়ে দাম্ভিক আচৰণ আৰু নীতিহীন কথা-বতৰা কৈ থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণ নিমাত কিয়? ছেবাৰ প্ৰেক্ষাগৃহত একাংশ প্ৰধান শিক্ষকক শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাতি আনি টিভিৰ সন্মুখতে কৰা দাম্ভিক আচৰণ আৰু শিক্ষকসকলক কৰা দাস সূলভ ব্যৱহাৰত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও মুখ্যমন্ত্ৰী সম্পূৰ্ণ নিমাত৷ এই অভিযোগ ভাৰতৰ ছাত্র ফেডাৰেছন আৰু ভাৰতৰ গনতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ৷

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক ছেবাৰ কাৰ্যালয়লৈ মাতি আনি টিভিৰ কেমেৰাৰ সন্মুখত খতিয়ান লোৱাৰ নামত অপমান কৰা বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে আজি ভাৰতৰ ছাত্র ফেডাৰেছন আৰু ভাৰতৰ গনতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে এক বিবৃতি যোগে শিক্ষামন্ত্ৰীৰ এনে কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া প্ৰকাশৰ দাবী জনায়।

শিক্ষামন্ত্ৰীৰ এই আচৰণে শিক্ষকসকলৰ মনোবল ভাঙি পেলোৱাৰ লগতে শৈক্ষিক অৰাজকতাৰ সৃষ্টি কৰিব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই। আৰ্শ্চয্যনকভাৱে ৰাজ্যৰ বৌদ্ধিক মহলৰ লগতে সৰ্বসাধাৰণৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছতো মুখ্যমন্ত্ৰীজনে নিমাত থকাটো শুভ লক্ষণ নহয়  বুলি কৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে সতীৰ্থ মন্ত্ৰীক নিয়ন্ত্ৰণ কৰি আইন আৰু নিয়ম নীতিৰ অধীনত থাকিবলৈ দাবী জনায়।

শিক্ষা মন্ত্ৰীৰ দাম্ভিক আচৰণৰ বিৰুদ্ধে হাইস্কুল শিক্ষক সন্থাই কলা বেজ পৰিধান কৰি শিক্ষক দিৱস বৰ্জনক সংগঠন দুটাই বিবৃতি যোগে সমৰ্থন কৰা বুলি উল্লেখ কৰে৷ কৰ্তব্যত অৱহেলা কৰা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত কোনো আপত্তি নাই যদিও প্ৰশাসানিক ব্যৱস্থাৰ মাজেৰে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে সংগঠন দুটাই। শিক্ষামন্ত্ৰীয়ে অতি কৌশলেৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবে উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়সমূহত আন্তঃগাথনিৰ অভাৱক ঢাকনি দিব বিছাৰিছে বুলি কয় সংগঠনদুটাই৷