newsnextone.com | ৰঙিয়াঃ ৰঙিয়া চহৰৰ অলিয়ে গলিয়ে পঞ্জীয়ন বিহীনভাৱে দপদপাই ঘূৰি ফুৰা ই-ৰিক্সাসমূহে ট্ৰেফিক আৰক্ষীয়ে জব্দ কৰি জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।ৰঙিয়া চহৰত চলাচল কৰা ই-ৰিক্সাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। ই-ৰিক্সা সমূহ পঞ্জীয়ন নকৰাত দেওবাৰে পুৱাৰে পৰা ই-ৰিক্সাসমুহ জব্দ কৰিবলৈ আৰক্ষীয়ে চহৰখনৰ ঠায়ে ঠায়ে বাহৰ পাতে৷

আৰক্ষীৰ অভিযানৰ উমান পোৱাৰ লগে লগেই মুহুৰ্ততে বহু ই-ৰিক্সা চহৰখনৰ পৰা অন্তৰ্ধান হয়৷ অৱশ্যে ইয়াৰ মাজতে আৰক্ষীয়ে চহৰখনৰ বহু ই-ৰিক্সা জব্দ কৰি থানালৈ লৈ আনে৷ পৰিবহন বিভাগৰ সহযোগত জব্দকৃত ই- ৰিক্সা সমূহৰ চালক সকলৰ পৰা জৰিমনা বিহিব বুলি জানিব পৰা গৈছে ৷

 ৰঙিয়াত ই-ৰিক্সাই যান-জোঁতৰ সৃষ্টি কৰাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৰঙিয়াৰ একাংশ সচেতন নাগৰিকে। এই সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্তক এক অভিযোগ দাখিল কৰাত উপায়ুক্তগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে কামৰূপৰ আৰক্ষী অধীক্ষকৰ পত্ৰ প্ৰেৰণ কৰে। 

কামৰূপ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰনৱ কুমাৰ পেগুৰ সৈতে হোৱা আলোচনা মৰ্মে  মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নিৰ্দেশত ৰঙিয়াত ই-ৰিক্সাৰ বিৰুদ্ধে অভিযান আৰম্ভ হয়। ৰঙিয়া ট্ৰেফিক আৰক্ষী বিষয়া লাল বাবু সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰঙিয়া চহৰৰ বিভিন্ন ঠাইৰ পৰা নথি পত্ৰত বিসংগতি থকা ২৪ খন ই-ৰিক্সা জব্দ কৰে।

ইয়াৰে চাৰিখন ই-ৰিক্সাৰ সামন্য বিসংগতি থকাৰ বাবে জৰিমনা বিহী যাবলৈ দিয়া হয় বুলি আৰক্ষী বিষয়া লাল বাবু সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । নথি পত্ৰ নথকাৰ লগতে চালকৰ পৰিচয় পত্ৰ নথকা ই-ৰিক্সাৰ বাবে যান-জোঁটৰ সৃষ্টি হৈ আহিছে।