কোৱা হয় বিপদৰ বন্ধুহে আচল বন্ধু। এদিন আপোনাৰ বিপদ হ’ব। আৰু সেইদিনাহে আপুনি আপোনাৰ বন্ধু আছে নে নাই চিনি পাব। যদিহে সমগ্ৰ জীৱনটোত আপোনাৰ এদিনো বিপদ নহয়, তেন্তে আপুনি আচল বন্ধুজনক চিনি উলিয়াব কেনেকৈ? বন্ধুৰ বিপদত বন্ধুৱে সহায়ৰ হাত আগবঢ়ায়। বন্ধুৰ সুখত বন্ধুৱে সুখ অনুভৱ কৰে। বন্ধুৱে যেতিয়া পৰীক্ষাত ফেইল কৰে তেতিয়া বেয়া লাগে। বন্ধু যেতিয়া পৰীক্ষাত প্ৰথম হয় তেতিয়াও বেয়া লাগে। 'থ্ৰী ইডিয়টছ’ চিনেমাখনৰ এটা গুৰুত্বপূৰ্ণ সংলাপ এয়া। 

বন্ধুত্বৰ থাকিব পাৰে হাজাৰ সংজ্ঞা। ইমানবোৰ সংজ্ঞাৰ ভিৰৰ মাজতো ক’ব পাৰি যে যিসকলক মৰমৰ ডোলেৰে বান্ধি ৰখা হয় সেইসকলেই বন্ধু। পিছে এই ডোলডাল তেনেই চুটি। জাতি-ধৰ্ম, বৰ্ণ, লিংগ, বয়স নিৰ্বিশেষে বছা বছা কেইজনমানকহে বান্ধি ৰাখিব পাৰি। কেতিয়াবা ডোলডালেৰে ভুল মানুহকো বান্ধি পেলোৱা যায়। কেতিয়াবা আকৌ কিছুমানে বান্ধ ছিঙি আঁতৰি যায়। আকৌ কেতিয়াবা গোটেই জীৱনটো ডোলডাল এনেয়ে লৈ ঘূৰি ফুৰিবলগীয়া হয়। বান্ধিব বিচাৰিলেও ডোলডালৰ জোখাৰে এজনকো বিচাৰি পোৱা নাযায়।

বহুতে কয় যে এতিয়া মানুহবোৰ সলনি হ’ল। সেয়ে সঁচা বন্ধু বিচাৰি পাবলৈ টান। পিছে কথাটো সত্যনে? সেই তাহানিতেও ভাল-বেয়া দুই ধৰণৰ মানুহ আছিল। এতিয়াও দুই ধৰণৰ মানুহ আছে। আকৌ বহুতেই কয় যে বন্ধুত্ব সদায় নিস্বাৰ্থ হ’ব লাগে। কিন্তু সেয়া সম্ভৱ নে? আমি এফালে কওঁ যে বিপদৰ বন্ধুহে আচল বন্ধু আৰু আনফালে কওঁ যে বন্ধুত্বত কোনো স্বাৰ্থই থাকিব নালাগে। দুয়োটা কথাই পৰস্পৰ বিৰোধী। যদিহে বিপদৰ বন্ধুজনহে আচল বন্ধু তেন্তে এটা কথা স্বীকাৰ কৰিবই লাগিব যে আমি এজনে আনজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বৰ্তাই ৰখাত আমাৰ অজ্ঞাতে হ’লেও এটা স্বাৰ্থ ৰৈ যায়। সেয়া হৈছে এদিন মোৰ বিপদ হ’লে মোৰ বন্ধুজনে মোক সহায় কৰিব। তেনেকৈ বন্ধুজনেও মোৰ পৰা সেই একেটা আশাকে কৰে। গতিকে এয়া সুস্পষ্ট যে বন্ধুত্বতো স্বাৰ্থ নিহিত থাকে।


♦ News Next One সম্পাদকীয় ০৬।০৮।২০১৭


কেৱল বন্ধুত্ব বুলিয়েই নহয় প্ৰতিটো সম্পৰ্কতে নিহিত হৈ থাকে স্বাৰ্থ। কিন্তু এই স্বাৰ্থবোৰ হ’ব লাগে জীৱনমুখী আৰু ইতিবাচক। স্বাৰ্থ মানেই কেতিয়াও বেয়া নহয়। জীয়াই থাকিবলৈ মানুহক স্বাৰ্থ লাগিবই। পিছে স্বাৰ্থ হ’ব লাগিব ভাল। বেয়া স্বাৰ্থ বা কু-স্বাৰ্থ আমি সদায় পৰিহাৰ কৰি চলিব লাগিব। তেতিয়াহে যুগমীয়া হ’ব বন্ধুত্ব।

বন্ধুত্বৰ ক্ষেত্ৰত আৰু এটা কথা পৰস্পৰ বিৰোধী হৈ পৰে। সেয়া হৈছে 'অচিন কাঠৰ থোৰা নলগাবা'। কোৱা হয় যে পৃথিৱীত আটাইতকৈ কঠিন কামটোৱেই হৈছে মানুহ চিনি পোৱাতো। তাতেই আকৌ বন্ধুত্বৰ প্ৰথম স্তৰটোৱেই 'অচিন কাঠ'ৰ পৰা আৰম্ভ হয়। পৃথিৱীত হয়তো এনে কোনো মানুহ নোলাব যিয়ে নিজৰ প্ৰিয় বন্ধুজনক আগৰে পৰা (জন্মৰো আগৰে পৰা!) চিনি পাইছিল। প্ৰকৃততে এই বিশাল বিশ্বত আমি প্ৰথম অৱস্থাত কোনেও কাকোৱেই চিনি নাপাও। আমাৰ বাবে সকলো 'অচিন কাঠ'। জন্মৰ পিছত অচিনাকি পিতৃ-মাতৃ চিনাকি হৈ পৰে। তাৰ পিছত আত্মীয়।

এনেকৈ এদিন বিদ্যালয়ত প্ৰথমবাৰৰ বাবে আমি ভৰি থও। সেইদিনা আমাৰ বাবে বিদ্যালয়ত থকা প্ৰতিজন সহপাঠীয়েই নতুন, অচিনাকি। সেই অচিনাকিবোৰৰ মাজৰ কোনোবা এজন বা দুজন আমাৰ আপোন হৈ পৰে। গঢ়ি উঠে বন্ধুত্ব। আৰু বন্ধুত্ব গঢ়ি উঠাৰ পিছতহে আমি এজনে আনজনক বুজি উঠো, চিনি পাও। এনেদৰে প্ৰতিটো খোজতে আমি অচিন মানুহবোৰৰ সৈতে চিনাকি হৈ হৈ আগবাঢ়ো। কালিৰ অচিনাকিজন এদিন তেনেই চিনাকি হৈ পৰে। তেনেকৈ বহুদিনীয়া চিনাকিজনো হঠাৎ এদিন অচিনাকি হৈ পৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰত 'অচিন কাঠৰ থোৰা নলগাবা’ কথাষাৰ আৰম্ভণি অৱস্থাৰে পৰা মানিবলৈ হ’লে আমি সদায় নিসংগ আৰু অলশৰীয়া হৈয়ে জীৱন কটাব লাগিব।

'অচিন কাঠৰ থোৰা' লগাইয়েই আমি আগবাঢ়িব লাগিব। এতিয়া তথ্য-প্ৰযুক্তিৰ যুগ। বন্ধুত্বৰ সংজ্ঞা সলনি হোৱা নাই, হোৱাতো সম্ভৱো নহয়, কিন্তু ধৰণ সলনি হৈছে। আগতে কেৱল স্কুল-কলেজ, কৰ্মক্ষেত্ৰত লগ পোৱাবোৰেই আমাৰ বন্ধু আছিল। এতিয়া আমি আৰু দূৰ-দূৰণিৰ অচিন কাঠৰ থোৰা লগাই চাব পৰা হৈছো। ছ’চিয়েল মিডিয়াৰ ব্যাপক প্ৰচলনৰ লগে লগে আমাৰ বন্ধুত্বৰ পৰিসৰো ব্যাপক আৰু বিশাল হৈ পৰিছে। ভাল স্বাৰ্থৰ মানুহবোৰে ইয়াৰ সহায়ত বন্ধুত্বক সুন্দৰভাৱে আগুৱাই নি জীৱন মহীয়ান কৰি তুলিছে।

আনহাতে কু-স্বাৰ্থপৰসকলে নীচ কামত বন্ধুত্বক ব্যৱহাৰ কৰি আনৰ লগতে নিজকো ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। এনেকৈয়ে আগবাঢ়িছে বন্ধুত্ব। দিন যোৱাৰ লগে লগে ক্ৰমাৎ অধিক বিশাল হৈ গৈ আছে বন্ধুত্বৰ পৰিধি। বন্ধুত্বই এদিন সমাজখন সলনি কৰিব। সকলোৱে সকলোকে মৰমৰ ডোলেৰে বান্ধিব। অৰ্থহীন হৈ পৰিব 'অচিন কাঠৰ থোৰা নলগাবা’ সদৃশ প্ৰাচীন চিন্তাবোৰ। তেতিয়াই প্ৰকৃতাৰ্থত সাৰ্থক হৈ পৰিব 'বন্ধুত্ব দিৱস’।