ডিজিটেল ৰিপ'ৰ্টঃ গ্ৰেচ, মডাৰেশ্যন, কম্পাৰ্টমেণ্টেল আৰু এনছাৰ বুক ৰিটাৰ্ণ। এই আটাইবোৰৰ সু-সমন্বয়ত নতুন ৰূপ পাব ৰাজ্যৰ শিক্ষা ব্যৱস্থাই। জনতা ভৱনত আয়োজিত এক সংবাদমেলত আজি এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গ্ৰেচ মাৰ্ক বিতৰ্কই চৌদিশ তোলপাৰ কৰি থকাৰ সময়তে সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে বিষয়টো ৰাজহুৱা কৰি তেওঁ কোনো ভুল কৰা নাই। এই সন্দৰ্ভত গঠন কৰি দিয়া ৪জনীয়া উপাচাৰ্য কমিটিয়ে গ্ৰেচ মাৰ্কৰ বিষয়টো ৰাজহুৱা কৰিবলৈকে পৰামৰ্শ আগবঢ়াইছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীজনে।

'বহুতে মোক প্ৰশ্ন কৰিছে যে মই কিয় কথাটো ৰাজহুৱা কৰিলো। কথাটো ৰাজহুৱা কৰি মই ডাঙৰ ভুল কৰা বুলিও বহুতে মন্তব্য আগবঢ়াইছে। কিন্তু ৪ জনকৈ উপাচাৰ্যই সমগ্ৰ বিষয়টো চালি-জাৰি চাই সেয়া ৰাজহুৱা কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে।’-হিমন্তই কয়। তেওঁ আৰু কয় যে কিমান গ্ৰেচ মাৰ্ক দিয়া হ’ল সেয়া জনাৰ অধিকাৰ সকলোৰে আছে। ইয়াৰ ফলত শিক্ষা ব্যৱস্থা তৰান্বিত হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে।

♦ আকৌ অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা

♦ ধ্বংস নহয়, ছেবাক শক্তিশালীহে কৰিছোঃ হিমন্ত

♦ অনুত্তীৰ্ণই লাভ কৰিব ১-৫লৈকে গ্ৰেচ নম্বৰ

গ্ৰেচ মাৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ ছেবাই কেৱল অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক ১-৫লৈকে পৰ্যায়ক্ৰমে গ্ৰেচ বা অনুকম্পামূলক নম্বৰ প্ৰদান কৰিব। কিমান নম্বৰ গ্ৰেচ দিয়া হৈছে সেয়া ফলাফল ঘোষণাৰ পূৰ্বে ছেবাই ৰাজহুৱা কৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এইবাৰ নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মডাৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে ইমান দিনে ছেবাত মডাৰেশ্যনৰ কোনো ব্যৱস্থাই নাছিল। ৪ জনীয়া উপাচাৰ্য কমিটিয়ে বিজ্ঞানসন্মত মডাৰেশ্যনৰ পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, 'গ্ৰেচ মাৰ্কৰ লগতে এইবাৰ মডাৰেশ্যনৰো ব্যৱস্থা কৰা হৈছে। কিন্তু এইবাৰ মডাৰেশ্যন সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰিব পৰা নাযাব। সেয়া হ’লেও আমি এটা পদ্ধতি বাছি লৈছো। উপাচাৰ্য কমিটিয়ে পৰৱৰ্তী সময়ত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মডাৰেশ্যনৰ পৰমাৰ্শ আগবঢ়াই এইবাৰ সহজ পদ্ধতিৰে কৰাৰ দিহা আগবঢ়াইছে।’

আনহাতে এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱাৰ সম্ভাৱনাও আওপকীয়াকৈ প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয় যে উত্তীৰ্ণৰ হাৰ কমক বা বাঢ়ক সেই লৈ চৰকাৰৰ মূৰ ঘমাবলগীয়া একো নাই। যিসকল পৰীক্ষাৰ্থীয়ে যি ধৰণে পৰীক্ষাত লিখিছে সেই ধৰণে নম্বৰ পোৱাটোতহে এইবাৰ চৰকাৰে গুৰুত্ব দিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

২০১০ চনত গণিতত ৬ নম্বৰ পোৱা পৰীক্ষাৰ্থীয়েও উত্তীৰ্ণ হৈছিল বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এনে ব্যৱস্থাৰে উত্তীৰ্ণৰ হাৰ বঢ়াব পাৰি যদিও শিক্ষাৰ গুণগত মান সম্পূৰ্ণৰূপে হ্ৰাস পায়। সেয়ে এতিয়াৰে পৰা ছেবাৰ তৰফৰ পৰা নতুন ব্যৱস্থা হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

এই নতুন ব্যৱস্থা অনুযায়ী উত্তীৰ্ণৰ হাৰ কম হ’লে এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দুমাহৰ ভিতৰতে অনুষ্ঠিত হ’ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। ফলাফল ঘোষণাৰ এসপ্তাহৰ ভিতৰতে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাত যাতে উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত সেইসকল পৰীক্ষাৰ্থীক সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা কৰা হ’ব।

কম্পাৰ্টমেণ্টেলৰ ফলাফল পৰীক্ষা অনুষ্ঠিত হোৱাৰ এমাহৰ ভিতৰতে ঘোষণা কৰা হ’ব বুলিও সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ মাৰ্কশ্বিটত কম্পাৰ্টমেণ্টেল শব্দটো ক'তো উল্লেখ কৰা নহয় বুলিও তেওঁ জনায়। আনহাতে আগন্তুক বৰ্ষৰ পৰা উত্তীৰ্ণৰ হাৰ হ্ৰাস বা বৃদ্ধি যিয়েই নহওক কিয় কম্পাৰ্টমেণ্টেল পৰীক্ষা বাধ্যতামূলক কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

আজিৰ সংবাদমেলত আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই গুৰুত্বপূৰ্ণ ঘোষণা কাৰ্যকৰী হ’লে অনাগত দিনসমূহত চি বি এছ ইৰ দৰে ছেবায়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তৰ বহীসমূহ অভিভাৱকক ঘূৰাই দিবলৈ বাধ্য হৈ পৰিব। 'উত্তৰ বহীসমূহ ঘূৰাই দিব পাৰি নেকি সেই বিষয়ে আমি চিন্তা-চৰ্চা অব্যাহত ৰাখিছো। এনে কৰিলে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব বুলি আমি আশাবাদী। তেতিয়া অভিভাৱকসকলে শিক্ষকসকলক প্ৰশ্ন কৰিব পাৰিব যে মোৰ সন্তানটিয়ে সাধাৰণ কথাটোকে যে ভুলকৈ লিখিছে আপোনালোকেনো ইমান দিনে কি শিকাইছিল। এনে ব্যৱস্থা হ’লে শিক্ষকসকলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়ৱদ্ধতা বৃদ্ধি হোৱাতো নিশ্চিত। অৱশ্যে এইক্ষেত্ৰত ছেবাৰ আভ্যন্তৰীণ জটিলতা আছে বাবে সেয়া কৰো বুলিলেই কৰাতো সম্ভৱ নহ’ব।’-শিক্ষামন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ আৰু কয় যে অচিৰেই ছেবাৰ প্ৰতিটো কাম-কাজেই কম্পিউটাৰাইজড হৈ পৰিব। পৰীক্ষাৰ উত্তৰ বহী নীৰিক্ষণৰ ব্যৱস্থাটো অনাগত দিনসমূহত সম্পূৰ্ণ কম্পিউটাৰাইজড কৰিবলৈ পৰিকল্পনা কৰি থকা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। সংবাদমেলত কেবাটাও দল-সংগঠনে শিক্ষামন্ত্ৰীগৰাকীয়ে ছেবাক ধ্বংসৰ ষড়যন্ত্ৰ চলাইছে বুলি উত্থাপন কৰা অভিযোগকো ভিত্তিহীন আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'ছেবাক যদি ধ্বংস কৰাৰে চক্ৰান্ত চলাইছো, তেন্তে ছেবাক লৈ মই ইমানবোৰ পৰিকল্পনা কৰাৰ প্ৰয়োজনেই বা কি আছিল? ছেবাক কম্পিউটাৰাইজড কৰিবলৈ লোৱা পৰিকল্পনাক যদি কোনোৱে ছেবা ধ্বংসৰ চক্ৰান্ত বুলি কয় তেন্তে বাকীখিনি ৰাইজে নিজেই বুজি ল’ব।’

অসমীয়া মাধ্যমক গুৰুত্ব নিদিয়া বুলি একাংশই উত্থাপন কৰা অভিযোগকো হাঁহিৰে উৰুৱাই দিয়ে মন্ত্ৰীগৰাকীয়ে। এনে অভিযোগৰ প্ৰত্যুত্তৰ হিচাপে তেওঁ সদৰী কৰে যে অহা আগষ্টত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ বিধেয়ক উত্থাপন কৰা হ’ব। এই বিধেয়কৰ আওতাত ছেবাৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগতে চিবিএছই আৰু আন ব’ৰ্ডসমূহকো সামৰি লোৱা হ’ব বুলি তেওঁ সদৰী কৰে। 'মই যদি অসমীয়া মাধ্যম শেষ কৰিব ওলাইছো, তেন্তে এইবোৰ কাম কৰাৰ দৰকাৰেই বা কি আছিল? যোৱা ৩ বছৰত অসমীয়া মাধ্যমৰ বিদ্যালয়ত কোনে শিক্ষক নিযুক্তি দিছে? অসমীয়া মাধ্যমৰ অপ্ৰাদেশীকৃত বিদ্যালয় কোনে প্ৰাদেশীকৃত কৰিছে?’-হিমন্তৰ প্ৰত্যুত্তৰ।

আনহাতে, ছেবাৰ অধ্যক্ষই এইবাৰ উত্তীৰ্ণৰ হাৰ কিমান কৰিব লাগিব সেই কথা সুধি ভাল কৰিছে নে বেয়া কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে এয়া কোনো কাৰণতে বেয়া কাম হ’ব নোৱাৰে। 'তেওঁক আমি ধন্যবাদ দিব লাগে। তেওঁ মোক প্ৰশ্নটো সোধা বাবেহে সকলো খেলিমেলি পোহৰলৈ আহিল। নহ’লে এইবোৰ অন্ধকাৰতে ৰৈ গ’লহেতেন। তেওঁ প্ৰশ্ন কৰা বাবেই ছেবাত এতিয়া বৃহৎ সংস্কাৰ হ’বলৈ পালে।’-হিমন্তই কয়। অৱশ্যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষামন্ত্ৰী হৈ থকা সময়ত এনে ব্যৱস্থা চলিছিল নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত কৌশলী মন্তব্য আগবঢ়ায় বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰে হিমন্তই। 

পৰীক্ষাৰ্থীৰ স্বাৰ্থক সদায়েই অগ্ৰাধিকৰ দিবলৈ ছেবা আৰু চৰকাৰ দায়ৱদ্ধ বুলি উল্লেখ কৰি আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অনাগত সময়ছোৱাত তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভিতৰচ’ৰাত কি চলিছে সেই সম্পৰ্কেও অনুসন্ধান আৰম্ভ কৰিব। এইবাৰৰ পৰীক্ষাৰ ফলাফল চলিত মাহতে ঘোষণা কৰা হ’ব বুলিও সংবাদমেলত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

♦ কি এই মডাৰেশ্যন?

⇒ গ্ৰেচৰ সৈতে সম্পূৰ্ণৰূপে পৃথক মডাৰেশ্যন। মডাৰেশ্যন হৈছে এক প্ৰকাৰৰ বিজ্ঞানসন্মত নম্বৰ প্ৰদান ব্যৱস্থা। ইয়াৰ সৈতে জড়িত হৈ আছে পাৰিসাংখ্যিক ষ্টেণ্ডাৰাইজেশ্যন আৰু নৰ্মেলাইজেশ্যন। সাধাৰণতে প্ৰতিজন উত্তৰ বহী নীৰিক্ষকে এটা প্ৰশ্নৰ বিপৰীতে দিয়া নম্বৰ ভিন ভিন হয়।

এজনে যদি এটা ৩ নম্বৰৰ প্ৰশ্নৰ উত্তৰৰ বাবে ২ দিয়ে, আন এজনে আকৌ সেই একেটা উত্তৰতে ১ বা আন এজনে ৩ দিয়ে। এনে ক্ষেত্ৰত আটাইবোৰ উত্তৰ বহী নীৰিক্ষকৰ নম্বৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ পৰা এটা ষ্টেণ্ডাৰ্ড বা নৰ্মেল গড় নম্বৰ উলিওৱা হয়।

উত্তৰ বহী নীৰিক্ষণৰ চূড়ান্ত পৰ্যায়ত ভিন ভিন পৰীক্ষকৰ ভিন ভিন নম্বৰৰ পৰিৱৰ্তে উক্ত গড় নম্বৰ দিয়া হয়। আনহাতে প্ৰশ্ন কাকতত ৰৈ যোৱা ভুলৰ বাবে দিয়া নম্বৰো এই মডাৰেশ্যনৰ ভিতৰতে পৰে। বিশ্বৰ প্ৰায় প্ৰতিখন আগশাৰীৰৰ শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়তে এই নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মডাৰেশ্যন পদ্ধতি প্ৰয়োগ কৰি অহা হৈছে।