শোনিতপুৰঃ শোনিতপুৰৰ বালিপৰা জিলা পৰিষদৰ বালিপৰা গাওঁ পঞ্চায়তৰ বালিপৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । এই বালিপৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰতোৰ 
ভোটাৰ তালিকাৰ পৰা বাদ পৰিল প্ৰায় পাঁচশ ভোটাৰ । ভোটাৰ তালিকাৰ পৰা বাদ পৰা ভোটাৰ সকলে ভোট কেন্দ্ৰতোৰ বাহিৰত ভোট বৰ্জনৰ কাৰ্য্যসূচী গ্ৰহন কৰে৷

বঞ্চিত ভোটাৰৰ  প্ৰতিবাদেৰে উত্তাল হৈ ভোট কেন্দ্ৰতোৰ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ অৱশেষত শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত আহি উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰন কৰে৷