newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ শনিবাৰে সংঘটিত হয় ভয়াবহ বিদ্যুৎস্পৃষ্টৰ ঘটনা। ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি কৰুণভাৱে মৃত্যুক আকোৱালি লয় দুজন নিৰীহ লোকে। জানিব পৰা মতে, ভৈৰৱকুণ্ডৰ পৰা ভূটানলৈ যোৱা পথৰ ওপৰত আবেলি এখন বজাৰ বহে। বজাৰৰ সমীপতে ওপৰেৰে পাৰ হৈ যোৱা এডাল বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি কেইবাটাও গৃহত অগ্নিকাণ্ড সংঘটিত হয়। 

সাধাৰণ জুই বুলি সন্দেহ কৰি পৰিয়ালৰ লোকে জুই নিৰ্বাপন কৰিবলৈ উক্ত স্থানলৈ গৈ নিৰ্বাপনৰ চেষ্টা চলাই। ফলত বিদ্যুৎ পৰিবাহী তাঁৰত হৈলাগি হঠাৎ দুয়োজন লোকক বহু দূৰলৈ দলিয়াই দিয়াত অভিমান্যু বসুমতাৰী(৩৫) আৰু নানকা ৰাজভৰ(৫০) মৃত্যুমুখত পৰে৷

আনহাতে ছয়গৰাকী লোক আহত হয়। লগেল গে অঞ্চলটোত বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় যদিও ইতিমধ্যে দুয়োগৰাকী লোকে মৃত্যুক আকোৱালি  লয়। আহতসকলক ততাতয়াকৈ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে নিহত দুয়োজন লোকৰ মৃতদেহ দেওবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়া হয়।

ঘটনাৰ পাছত স্থানীয় লোক ক্ষুদ্ধ হৈ পৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। বিভাগটোৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে চিকিৎসাধীন আহত লোকসকলৰ বৰ্তমান অৱস্থা উন্নত বুলি চিকিৎসকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে জনোৱা মতে নিজৰ গৃহৰ ভিতৰতে বহু লোক আহত হৈ শৰীৰৰ বিভিন্ন অংগৰ ক্ষতিগ্ৰস্থ হৈছে। এই ঘটনাত বহুকেইটা বাসগৃহ ধ্বংস হোৱাৰ লগতে বহু টিভি, ফেন, আৰু বিদ্যুৎচালিত সামগ্ৰী ক্ষতিগ্ৰস্থ হৈছে।