newsnextone.com | বিলাসীপাৰাঃ সৰ্বদিশতে পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে খনৰ প্ৰতিশ্ৰুতি ভুৱা আছিল বুলি অভিযোগ উত্থাপন হ’ব ধৰিছে৷

সৰ্বদিশতে উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি, বিপিএফ দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰিব আৰম্ভ হৈছে অসমৰ গ্ৰাম্য এলেকাত৷

গ্ৰাম্য অঞ্চলৰ উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হ’ব ধৰিছে ২০১৬ চনত গঠন হোৱা চৰকাৰৰ বিৰুদ্ধে৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ শক্তি বিভাগৰ উন্নয়ন কৰি ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷

২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাটো দূৰৰ কথা গ্ৰাম্য অঞ্চলত আজিও কাঠৰ খুঁটাত, বাঁহৰ খুঁটাত বিদ্যুৎ সংযোগ দিয়া দেখা যায়৷ একপ্ৰকাৰ কৈ থাকিলে শেষ নহয় ৰাজ্যৰ শক্তি বিভাগৰ গাফিলতিৰ কথা৷ কৰবাত যদি তাঁৰ ছিগি পৰি থকাৰ ফলত মানুহ মৰিছে কৰবাত আকৌ বাঁহৰ খুঁটাৰে টানি নিব লগা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ৷

কৰবাত হাবি জংঘলে আৱৰি ৰাখিছে ট্ৰেন্সফৰ্মাৰ, আন কৰবাত গছত বিদ্যুৎ পৰিবাহী তাৰ বান্ধি সৰবৰাহ কৰিছে বিদ্যুৎ৷ মুঠৰ ওপৰত বিভাগটোত এতিয়া পয়মালেই পয়মাল৷ ধুবুৰী জিলাৰ বিলাসীপাৰাতো কাঠৰ খুঁটা, বাঁহৰ খুঁটাত বিদ্যুতৰ তাৰ টানি বিদ্যুৎ সংযোগ কৰা দেখা যায়৷ 

একাংশ ঠাইত ৰাইজে নিজেই বাহৰ খুঁটা, কাঠৰ খুঁটা ব্যৱহাৰ কৰা দেখা যায়৷ শক্তি মন্ত্রী তপন গগৈৰ বিদ্যুৎ বিভাগত যেন চলিছে চৰম গাফিলতি। ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ কাঠৰ খুঁটা বান্ধি বিদ্যুৎ সৰবৰাহ কৰি আহিছে দীৰ্ঘ দিনৰ পৰা। ফলত শনিবাৰে বতাহত কাঠৰ খুঁটা ভাঙি পৰাত কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকী লোকৰ। 

জানিব পৰা মতে, বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনৰ চিৰাকুটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত টোকৰাবান্দা গাঁৱত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ কাঠৰ খুঁটাৰে টানি নিছিল। দীৰ্ঘদিন ধৰি খুঁটা সমূহ সলনি নকৰাত পচি যাবলৈ আৰম্ভ কৰে। তাৰ পিছতোঁ খুঁটা সমূহ সলনি কৰিবলৈ চেষ্টা নকৰিলে বিভাগে। ফলত শনিবাৰে নিশা কৃষিপথাৰত ভাঙি পৰে বিদ্যুতৰ খুঁটা। কাঠৰ খুঁটা ভাঙি পৰাত কেইবাগৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰে। শনিবাৰে এজাক বতাহত বিদ্যুৎৰ খুঁটা ভাঙি বিদ্যুৎ নথকাতহে কথমপি প্ৰাণ ৰক্ষা পৰে গোধন সহ আৰু মছমৰীয়াৰ। 

স্মৰ্তব্য যে, সঘনাই বিলাসীপাৰাৰ কিছুমান অঞ্চলত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি বিভিন্ন অঘটন সংঘটিত হৈ আহিছে। তথাপিও বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডলে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়।