newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং কালিপুৰত সংঘটিত হৈছে এই ঘটনা৷ মঙলবাৰে পুৱা ধাননিৰ মাজত গাঁওখনৰ ৰাইজে হাতীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে৷ পিছত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ 

জানিব পৰা মতে, খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীটো বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে৷ উল্লেখ্য যে, সীমান্ত অঞ্চলৰ কৃষকে নিজৰ খেতিডৰা হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ বৈদ্যুতিক তাৰ সংযোজিত বেৰ দিয়ে৷ যাৰ ফলত খাদ্যৰ সন্ধানত অহা হাতীটো এনেদৰে বিদ্যুতস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয়৷ 

প্ৰনিধানযোগ্য যে, বিগত তিনিটা মাহত বাক্সাৰ সীমান্ত অঞ্চলত তিনিটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰিতে তিনিজন লোকেও অকাল মৃত্যুক সাৱটি লৈছে৷