মাৰ্ঘেৰিটাঃ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ মধ্য বিত্ত, দৰিদ্ৰ শ্ৰমিক, মজদুৰৰ নিদ্ৰাহৰণ কৰিছে৷ প্ৰতিদিনে হাতীৰ জাকে ঘৰ ভাঙি বহু লোকক গৃহহাৰা কৰি আহিছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ জাগুনৰ আহোম পথাৰ গাঁৱকে ধৰি বহু গাঁৱত নিশা হলেই বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি বহু পৰিয়ালক গৃহ হাৰা কৰিছে। হাতীৰ তাণ্ডৱৰ ফলত ৰাইজে দীৰ্ঘ দিনে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱাৰ পিছতো বন বিভাগে ৰাইৰ জীৱন-সম্পত্তি ৰক্ষাৰ স্বাৰ্থত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱত কেইবাটাও নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে৷ বহু লোকৰ প্ৰাণ যোৱাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ৷ ঘৰ ভাঙি তচনচ কৰাৰ লগতে ঘৰৰ সা-সামগ্ৰী আৰু নষ্ট কৰে হাতীৰ জাকে৷ ইতিমধ্য বহু লোকে ঘৰ বৰ এৰি পলায়ন কৰিব লগা হৈছে নিৰাপদ স্থানলৈ৷ বন বিভাগ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বন বিভাগে হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ 

হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হোৱাৰ পিছতো বনবিভাগে হাতীৰ অহাৰ খবৰ লাভ কৰি আদবাটৰ পৰা উভতি যোৱা বুলি অভিযোগ উত্থাপন কৰে৷ তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাঁৱৰ কেইবাটাও পৰিয়ালক হাতীৰ জাকটোৱে গৃহহাৰা কৰে।