newsnextone.com | বিলাসীপাৰাঃ এইবাৰ বানে ৰাইজক জুৰুলা কৰা নাই। প্ৰকৃতিয়ে যেন সেই দিশৰ পৰা চকু মেলিহে চাইছে। কিন্তু ঠায়ে ঠায়ে নদী, উপনদী সমূহৰ গৰাখহনীয়া বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ কাৰণ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা গৰাখহনীয়াই কেইবা হেক্টৰ কৃষিভূমি নৈৰ বুকুত জাহ নিয়াৰ লগতে শতাধিক নৈপৰীয়া পৰিয়ালক গৃহহাৰা কৰাৰ বাতৰিও সংবাদ মাধ্যমত প্ৰচাৰ হৈছে।

শেহতীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত বয়জেৰ আলগা গাঁও পঞ্চায়তৰ বয়জেৰ আলগা ৫ম খণ্ড গাঁৱৰ ব্ৰহ্মপুত্ৰ শাখা নদীৰ গৰা খহনীয়াই অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ শাখা নদীৰ গৰাখহনীয়াৰ বাবে কৃষি ভূমি, ঘৰ-বাৰী, শিক্ষা প্ৰতিষ্ঠান আদি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ লগতে অঞ্চলটোৰ নদী কাষৰীয়া একমাত্ৰ যাতায়ত পথৰো শাখা নদীৰ গৰাখহনীয়াই অচলাৱস্থা সৃষ্টি কৰিছে। 

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক লিখিত ভাবে অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা জলসম্পদ বিভাগীয় কৰ্তৃপক্ষক তদন্ত মূলে শাখা নদীৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে যদিও সেয়া ফলৱতী নহ'ল।

ইফালে, অঞ্চলটোৰ ৰাইজে শাখা নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নায়েৰ আলগা উন্নয়ন খণ্ডৰ জৰিয়তে ধুবুৰী জিলা উপায়ুক্ত আবেদন দাখিল কৰা হয় যদিও সেয়াও ফুটুকাৰ ফেনহে হৈ পৰে।

এনে দুৰ্যোগৰ মাজতে ৰাইজে চৰকাৰ প্ৰশাসনৰ প্ৰতি আস্থা হেৰুৱাই নিজাববীয়াকৈয়ে যাতায়তৰ বাবে পথ নিৰ্মাণ কৰাৰ লগতে বাঁহৰ পাৰ্কুপাইন সাজি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাই গৈছে।

অইনফালে, অঞ্চলটোৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক আৰু সাংসদক দাবী জনাইছে। অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হব বুলিও জানিবলৈ দিয়ে অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শাহজাহান আলী আহমেদে।