Telegraph India
Telegraph India

newsnextone.com | কোকৰাঝাৰঃ এনআৰচিৰ চুড়ান্ত খ;ৰা প্ৰকাশৰ প্ৰাকমুহুৰ্তত সকলোপক্ষলৈ শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই আহ্বান জনায়।

দেওবাৰে এক বিবৃতি যোগে প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে এনআৰচি হ'ল এক ন্যায়সন্মত ব্যৱস্থা আৰু সেয়েহে আপত্তি, নিষ্পত্তিকৰণ সন্দৰ্ভতোঁ ন্যায়সন্মত ব্যৱস্থাৰে আগবাঢ়িব লাগিব। 

এনআৰচিৰ কোনো জাতি, সম্প্ৰদায় আৰু ধৰ্মৰ বিৰুদ্ধে নহয় বৰং প্ৰকৃত বিদেশীসকলক চিনাক্তকৰণৰ এক কাৰ্যব্যৱস্থাহে বুলি উল্লেখ কৰি জনসাধাৰণৰ জীৱন, সা-সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰক সুক্ষ্মদৃষ্টি ৰাখিবলৈ আহ্বান জনায়। 

তদুপৰি একে সময়তে ধৰ্ম আৰু ভাষাৰ ভিত্তিত বঞ্চনা কৰা বা বিদেশী বুলি চিনাক্তকৰণ কৰা কাৰ্য অনুচিত বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কিছুমান সম্প্ৰদায়ৰ ধৰ্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰিয়ে এনআৰচি ভৱিষ্যতে সংঘাটৰ শিপা নহওঁক বুলিও কামনা কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই ।

ইপিনে কোকৰাঝাৰ জিলাৰ মুঠ ৯৭টা স্পৰ্শকাতৰ এনএছকে সমূহত যাতে কাইলৈ কোনোধৰণৰ অপ্ৰীতিকৰ বা বিশৃংখল পৰিবেশ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অতিৰিক্ত নিৰাপত্তাবাহিনী নিয়োজিত কৰা হৈছে বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে। তাৰোপৰি এন আৰ চিক লৈ বিভ্ৰান্তিমুলক, উচটনিমূলক মন্তব্য ছ'চিয়েল মিডিয়াত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰতোঁ কোকৰাঝাৰ আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে আৰু তেনে কাৰ্য চকুত পৰিলে শীঘ্ৰে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰিছে।