তুলসীবাৰীঃ কলিতা জনগোষ্ঠী সন্মিলনৰ এখন গুৰুত্বপুৰ্ণ কাৰ্যনিৰ্বাহক সভা অহা ৰবিবাৰে গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত এছবিদেওৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হব৷

ৰবিবাৰে দিনৰ বাৰ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সভাত ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতিৰ লগতে সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰা হ’ব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে৷ সভাত সমূহ বিষয় ববীয়া তথা শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতীয়ে৷