newsnextone.com | ডিফুঃ শনিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত অসম সাহিত্য সভাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ ডিফুৰ আৱৰ্ত ভৱনত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিষয়াসকল উপস্থিত থাকে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিশিষ্ট অতিথি হিচাপে পৰিষদৰ ইএম অমৰ চিং তিচ',ৰূপচিং টেৰণ, এমএচি মঙল চিং তিমুঙ উপস্থিত থাকে ৷ 

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাই কাৰ্যনিৰ্বাহকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি কয়। তাৰ ভিতৰত অন্যতম হৈছে সুধীসকলৰ লগতে ৰাজনৈতিক আৰু অৰাজনৈতিক মঞ্চৰ অনুৰোধ মৰ্মে ঐতিহ্যমণ্ডিত ৰহাত অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে৷ অধিবেশনত  জাতীয় জীৱনৰ সন্ধিক্ষণৰ দিশ সমূহ প্ৰকাশ পাব বুলি সভপতিগৰাকীয়ে আশাাদী৷ এনআৰচি খছৰা প্ৰকাশৰ দিন কাষ চাপি অহাৰ লগে লগে একাংশ চক্ৰই পৰিবেশ বিঘ্নিত কৰিবলৈ অহৰহ প্ৰয়াস কৰি থকা আৰু এই ষড়যন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গা কৰি উঠা অসম সাহিত্য সভাই লক্ষ্য ৰাখিছে বুলি কয় ৷ 

অসম সাহিত্য সভাই এনআৰচিক কামত কোনো পক্ষকে এই ক্ষেত্ৰত বাধা প্ৰধান নকৰিবলৈ সকিয়াই দিছে ৷ শুকুৰবাৰে ডিফুৰ ঐতিহ্যমণ্ডিত ৰাংচিনা ভৱনত অনুষ্ঠিত সভাত ড০ দিলীপ কুমাৰ ফুকণলৈ জয়চিং হাঞ্চে সোৱৰণি বঁটা আগবঢ়াই সভাপতিগৰাকীয়ে কয় যে এই বঁটা কাৰ্বি সাহিত্য, সংস্কৃতি গৱেষণা কৰা লোককহে প্ৰদান কৰা হয়৷ ড০ দিলীপ কুমাৰ কলিতা এজন সুলেখক, গৱেষক আৰু অনুবাদক হিচাপে এই বঁটা লাভ কৰে ৷ এই বঁটাই সকলোকে উৎসাহিত কৰিব বুলি কয়৷ কাৰ্যনিৰ্বাহকত গৃহীত প্ৰস্তাৱ সমূহ ২৩ জুলাইত গুৱাহাটীত কেন্দ্ৰীয়ভাবে সংবাদ মেল আয়োজন কৰি ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিছে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

কোনো ধৰণৰ উৰাবাতৰিৰ জৰিয়তে যাতে পৰিবশ বিঘ্নিত বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পি নপৰে তাৰ প্ৰতি ৰাইজক সচেতন  হবলৈ আহ্বান জনায়৷ আনহাতে অসমীয়া ভাষা তথা খিলঞ্জীয়াৰ অস্তিত্ব সংকটকালত চৰকাৰ উদাসীনতাত সভাই মনে মনে বহি নাথাকে বুলি মন্তব্য কৰে ৷ অসমীয়া জাতি বাৰেৰহণীয়া সংস্কৃতিৰ বাহক৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে অসম সাহিত্য সভাই চৰকাৰলৈ এলানি পৰামৰ্শৱলী আগবঢ়াইছে ৷ এই পৰামৰ্শৱলী গ্ৰহণ নকৰিলে সাহিত্য সভাই ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৰাজবংশীয়ে৷