গোৰেশ্বৰঃ ছ’চিয়েল মিডিয়াত নিকৃষ্ট মানসিকতাৰ পৰিচয় দিয়া মানুহৰ অন্ত নাই। একেদৰে অন্ত নাই অগভীৰ টুলুঙা মন্তব্যকাৰীৰ।

এনেদৰে মন্তব্য কৰি কোনোবা যদি ৰঙাঘৰলৈ যাবলগীয়া হৈছে, কোনোবাই আকৌ আৰ্জিছে অকল্পনীয় কুকীৰ্তি। ইয়াৰে যিকোনো এটা পোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু এজন।

শেহতীয়া ভাৱে ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য কৰি চৰ্চালৈ আহিছে এনে এক কুকীৰ্তিমান। দেৱজিৎ ৰয় নামেৰে চলি থকা এটা ফেচবুক একাউণ্টত বিশেষকৈ হিন্দু ধৰ্ম আৰু বিভিন্ন ধৰ্মগুৰু কিম্বা অৱতাৰী পুৰুষ সম্পৰ্কে কেতবোৰ আপত্তি জনক মন্তব্য কৰা দেখা গৈছে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ পৰা আৰম্ভ কৰি  শ্ৰী কৃষ্ণ, মহাদেৱ আদি অৱতাৰ সম্পৰ্কে আপত্তিজনক মন্তব্য কৰা হৈছে। লিংগ পূজা সম্পৰ্কেও আপত্তিজনক মন্তব্য দিছে দেৱজিৎ ৰয়ে।  

ছ’চিয়েল মিডিয়া যোগে  ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্য অপৰাধজনিত বুলি গণ্য কৰা হয় যদিও উক্ত একাউণ্টত হিন্দু ধৰ্মত বিশ্বাসী সকলক মুকলিকৈ অন্ধবিশ্বাসৰ বশৱৰ্ত্তী বুলি কোৱা হৈছে।

শংকৰদেৱ গুৰুজনাকো ফেচবুক একাউণ্টটোত মুৰ্খ ধৰ্ম গুৰু বুলি আপত্তিজনক মন্তব্য কৰা হৈছে । দেৱজিৎ ৰয় ফেচবুক একাউণ্টটো কেৱল চিটুৱেটেট ইন ৰঙিয়া কলেজ বুলি লিখা আছে ।

অৱশ্যে এইটো এটা ভুৱা ফেচবুক একাউণ্ট হ'ব পাৰে বুলিও সন্দেহ কৰা হৈছে । কিন্তু কোনে কি স্বাৰ্থত এনেদৰে এটা নির্দিষ্ট ধৰ্মক লৈ অহৰহ আপত্তিজনক কথা -বতৰা মন্তব্যৰ প্ৰচাক চলাই গৈছে সেই অভিযুক্তক  বিচাৰি উলিয়াবলৈ দাবী উত্থাপিত হৈছে।

ভিন্নজনে এই একাউণ্টটো এটা ফেক একাউণ্ট বুলি বিশ্বাস  কৰিছে যদিও একাউণ্টটোৰ আচল কালপ্ৰিতক গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰত দিয়াৰ দাবী জনাইছে ।