newsnextone.com|বিহালীঃ  বিহালীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্ণিং ক্লাব'ৰ উদ্যোগত প্ৰথম বাৰৰ বাবে বেদেতীৰ বেদেতী চাহ বাগিচা খেলপথাৰত কৰ্কটৰোগী সকলৰ সাহাযাৰ্থে  প্ৰিয়মোহন বসু আৰু জোনালী মুদৈ কলিতাৰ সোঁৱৰণীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

অহা ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা খনিত অংশগ্ৰহণকাৰী দল সমূহ হৈছে,  গুৱাহাটী চিটি পুলিচ এফচি(গুৱাহাটী), অম্লানগোষ্ঠী ফুটবল ক্লাব(নগাঁও), অসম ৰাইফলচ, মৰ্ণিং ক্লাব এফচি(বিহালী), কোকৰাঝাৰৰ বাৰহোং  খা এথলেটিকছত ক্লাব, কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাব, ওদালগুৰি ফুটবল ক্লাব আৰু নৱম অসম আৰক্ষী বাহিনী, নগাঁও ।

প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেল খন ১৬ ছেপ্টেম্বৰ তাৰিখে  অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনি উপভোগ তথা খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদ্যোক্তাসকলে আন্তৰিকতাৰে আশা কৰিছে।