newsnextone.com | চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিত জীৱন দায়িনী ঔষধৰ নামত ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী লোকক ফাৰ্মাচিত দিব খোজা বেজীৰ ভিতৰত লেতেৰা পদাৰ্থ উদ্ধাৰ হোৱা বুলি দাবী কৰে এজন লোক আৰু তেওঁৰ পৰিয়ালে। এখন ফাৰ্মাচিৰ পৰা ক্ৰয় কৰা ঔষধৰ ভিতৰত উদ্ধাৰ হয় আবৰ্জনা সদৃশ সামগ্ৰী। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সোণাৰিত।

জানিব পৰা মতে, চৰাইদেউৰ সাপেখাটী মিদংপাৰা গাঁৱৰ প্রণৱ গগৈ নামৰ যুৱকজনে দেহত আঘাত পোৱাত বেজী লব লগা হয়। সোণাৰিৰ এখন ফাৰ্মাচিৰ পৰা ডিলনা ডিচলনফেনেক-চডিয়াম নামৰ বেজী লবলৈ ধৰাৰ সময়তে বটলত আবৰ্জনা ভাহি থকা প্ৰত্যক্ষ কৰে। ৰোগীৰ লগতে পৰিয়ালৰ সদস্যসকল লগে লগে ,সেই বেজী নিদিবলৈ কয়। তাৰ পিছতে অইন বেজী আনিবলৈ বাধ্য হয় ফাৰ্মাচিখনে। ঔষধ নিৰ্মাতা প্রতিষ্ঠানটোৱে নিম্নমানৰ ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে বুলি অভিযোগ উত্থাপন হয়।

 জিলাখনৰ বহু ফাৰ্মাচিত ফাৰ্মাচিষ্ট অবিহনে চলি থকাৰ লগতে ভেজাল ঔষধ বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হয়। তাৰ পাছতোঁ জিলা স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হয়। আনহাতে নিম্নমানৰ ঔষধ বিক্ৰীৰে ৰমৰমীয়া ব্যৱসায় কৰা ঔষধ প্রতিষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।জিলাখনৰ বহু ফাৰ্মাচিয়ে কমিচনৰ অংকত ভেজাল ঔষধ বিক্ৰী কৰি আহিছে বুলিও অভিযোগ উত্থাপন হয়।