newsnextone.com। ওদালগুৰিঃ ইটোৰ পিছত সিটোকৈ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভা। ঠিক একেদৰে পুনৰবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ওদালগুৰিৰ দুই প্ৰতিভাবান উদ্যমী যুৱক-যুৱতীয়ে। অসমৰ দুই প্ৰতিভাই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অনুষ্ঠিত ইয়াৱা (IAWA)নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয়।

সৌন্দৰ্য প্ৰতিযোগিতাতখনিত দিল্লী, মুম্বাই,পাঞ্জাৱ, কলকাতা, চণ্ডীগড় আৰু অসমৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। বিগত ১১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ আন্দামান আৰু নিকোবৰৰ প্ৰশাসনীয় ৰাজধানী পোৰ্ট ব্লেয়াৰ নামৰ চহৰখনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত ওদালগুৰিৰ নয়ন মণি ডেকাই পুৰুষৰ শাখাত দ্বিতীয় শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰাৰ লগতে ওদালগুৰিৰে আন এগৰাকী যুৱতী ছোনিয়া বসুমতাৰীয়ে মহিলাৰ শাখাত  তৃতীয় শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখযোগ্য যে বহিঃৰাজ্যত অনুষ্ঠিত হোৱা এই সৌন্দৰ্য প্ৰতিযোগিতাখনিত অসমৰ পৰা তিনিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত  মহিলা শাখাত ক্ৰমে গুৱাহাটীৰ নিলঞ্জনা আৰু ওদালগুৰিৰ ছোনিয়া বসুমতাৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে পুৰুষৰ শাখাত অসমৰ হৈ অংশগ্ৰহণ কৰিছিল ওদালগুৰিৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নয়ন মণি ডেকাই। পিতৃহীন নয়নমণি ডেকাই ইয়াৰ আগতেও অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল।

 নয়নমণি ডেকা হ'ল ওদালগুৰিৰ ২নম্বৰ ৱাৰ্ডৰ পিতৃ স্বৰ্গীয় হেম ডেকা আৰু মাতৃ দিপালী ডেকাৰ সন্তান। অতি দুখৰ বিষয় যে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ অদম্য হেপাহ মনত পুহি ৰখা নয়নে নিজৰ ভিনীহিয়েকৰ কাৰিকৰী প্ৰতিষ্ঠানত কাম কৰি পোৱা কষ্টোপাৰ্জিত ধনেৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নয়নে কয় যে, তেওঁৰ এই সাফল্যৰ আৰঁত আছে তেওঁৰ মাতৃ দিপালী ডেকা। মাতৃৰ উৎসাহৰ বাবেই তেওঁ দৰিদ্ৰতাৰ হেঙাৰক অতিক্ৰম কৰি বহিঃৰাজ্যত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

 আনহাতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ওদালগুৰিৰ দুয়োগৰাকী প্ৰতিযোগীৰ মাজত কিছু টকা আগবঢ়াইছিল যদিও সেইখিনি আছিল প্ৰেৰণাৰ উৎস। সেই আৰ্থিক সাহাৰ্য্যই দুয়োগৰাকী প্ৰতিযোগীৰ যাতায়াতৰ খৰচৰ কিছু অংশ পুৰণ কৰিবলৈহে সক্ষম হ'ল বুলি নয়নে জানিবলৈ দিয়ে।

আন্দামান-নিকোবৰত এই সন্মান লাভ কৰাৰ পাছত তেওঁক ট্ৰফী, মেডেলেৰে সন্মান আগবঢ়োৱাৰ লগতে ছিংগাপুৰৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ আগবঢ়াইছে। উক্ত কাৰ্যসূচীৰ খৰচ সম্পূৰ্ণ বিনামূলীয়া হব। কিন্তু মনত অদম্য ইচ্ছা থকা স্বত্ত্বেও যেন অনিশ্চয়তাত সোমাই পৰিছে নয়নৰ ছিংগাপুৰ ভ্ৰমণ। কিয়নো নয়নৰ হাতত নাই ছিংগাপুৰ ভ্ৰমণৰ বাবে জৰুৰী হোৱা ভিছা। ফলত কোনো ক্ষেত্ৰত যেন থমকি ৰৈছে নয়নৰ আত্মবল।

 সেয়েহে অসম চৰকাৰ, বিটিচি প্ৰশাসন আৰু স্থানীয় মন্ত্ৰী ৰিহন দৈমাৰী তথা অসমৰ সহৃদয় লোকসকলক নয়নক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে। তেওঁক যিকোনো ধৰণৰ যোগাযোগৰ বাবে ৭০০২৯-০৬৪৬৭ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে।

ইফালে উক্ত প্ৰতিযোগিতাত মহিলাৰ শাখাত তৃতীয় স্থান লাভ কৰা ওদালগুৰিৰ ছোনিয়া বসুমতাৰীৰ মনতো অধিক উৎসাহ দেখা গৈছে। তেওঁ ওদালগুৰি ১ নম্বৰ ৱাৰ্ডৰ মাইদাংগুৰি গাওঁৰ পিতৃ ৰকিজাছ বসুমতাৰী আৰু মাতৃ পখিলা বসুমতাৰীৰ কন্যা। তেওঁ এই সাফল্যৰ স্বীকৃতি নিজৰ পৰিয়ালক দিয়াৰ লগতে তেওঁ আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে।