আমগুৰিঃ সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত ইফালে এচাম বিজেপি বিধায়কে মন্ত্ৰিত্ব লাভ নকৰি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিলেও এফালে মন্ত্ৰীসভাত স্থান লাভ কৰা নৱ নিযুক্ত মন্ত্ৰীসকলৰ অনুগামী তথা সমৰ্থকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যপক উচাহ-উদ্দীপনা৷

শক্তি বিভাগৰ স্বতন্ত্ৰ আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা তপন কুমাৰ গগৈক শনিবাৰে শিৱসাগৰ জিলাৰ জাঁজীত দলীয় কৰ্মী আৰু বিভিন্ন দল-সংগঠনে উলহ-মালহেৰে আদৰণি জনায়৷ 

মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি সোণাৰিলৈ অহাৰ পথত শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত নন্দনবন ৰিজৰ্ট প্ৰাংগণত তপন গগৈক উস্ম আদৰণি জনাই দলীয় কৰ্মী আৰু সমৰ্থক সকলে শুভেচ্ছা জ্ঞাপন কৰে৷     

মন্ত্ৰীগৰাকীৰ আদৰণি অনুষ্ঠানত উপস্থিত থাকি মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, শিৱসাগৰ জিলা বিজেপি নেত্ৰী সুৰভী ৰাজকুমাৰী, প্ৰাঞ্জল কটকী, আহোম সেনাৰ উপ মুখ্য সেনাধ্যক্ষ বিজয় বুঢ়াগোহাঁই, বিশিষ্ট ব্যৱসায়ী পুতুল গগৈ, অসমীয়া যুৱ মঞ্চৰ জাঁজী আঞ্চলিকৰ সচিব প্ৰধান ছাজাদ জালাল, বিশিষ্ট ব্যৱসায়ী হেমাংগ বৰুৱা প্ৰমূখ্যে বহু ব্যক্তি আৰু সংগঠনে আদৰণি জনায়।

ইফালে সাংবাদিকৰ সতে হোৱা আচুলতীয়া সাক্ষাৎকাৰত নৱ নিযুক্ত মন্ত্ৰী তপন কুমাৰ গগৈয়ে বহু চৰ্চিত আমগুৰি সৌৰশক্তি প্ৰকল্পটো অচিৰেই সম্পূৰ্ণ  হ’ব বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যত ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰি পূৰ্বৰ শক্তিমন্ত্ৰীসকলৰ সুৰতেই সুৰ মিলোৱা পৰিলক্ষিত হয়৷ 

ইফালে ৰাজ্যৰ বিভিন্ন বাট-পথৰ দুৰাৱস্থা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে অতি সোনকালেই উচ্চ পদস্থ বিষয়-ববীয়াৰ সতে আলোচনাত বহি তাৰ সমাধান কৰা হ’ব বুলি জানিবলৈ দিয়ে৷