newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ জাজৰীত হিন্দু-মুছলমানে সম্বৰ্ধনা যাচিলে হজলৈ যাব ওলোৱা কেইবাগৰাকী ইছলামধৰ্মীক৷ অবিভক্ত নগাঁও জিলাৰ বৃহত্তৰ জাজৰি মুছলমান গাঁৱৰ পৰা হজৰ বাবে যাত্রা কৰা হজযাত্রীসকলক বৃহত্তৰ জাজৰিবাসী ৰাইজে বিপুলভাৱে বিদায় সম্বৰ্ধনা জনায় শনিবাৰে।

জাজৰি বাছ আস্থান ব্যৱসায় সন্থা, জাজৰি আঞ্চলিক শাখা সাহিত্য সভা, জাজৰি থানা গাঁওৰক্ষী বাহিনী, জাজৰি প্ৰেছ ক্লাৱ আদি অনুস্থানৰ প্ৰতিনিধি সকলে বাছ আস্থান প্ৰাংগনত হজ যাত্রী ক্ৰমে চৈয়দুৰ ৰহমান, আফটাবুৰ ৰহমান, মহিবুল হুছেইন, মৰজিনা বেগম, হীৰামাই বেগম আৰু আলিফা বেগমক উষ্ম অভিনন্দন জ্ঞাপন কৰে৷