চাবুৱাঃ ছাত্ৰ নেতাক সম্বৰ্ধনা জনালে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকে৷ উজনি অসমৰ এখন আগশাৰীৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষকে সমবেত হৈ ৰাজহুৱা সম্বৰ্ধনা যাচে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতাক৷

জানিব পৰা মতে, যোৱা ৯ ছেপ্তেম্বৰত ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত মনফৰ্ট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈছিল৷ দিনৰ প্ৰায় ১২.১৫ বজাত চাবুৱা টাউনৰ তেল ডিপোৰ সমীপত স্কুল বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে হাহাকাৰ লাগে।

স্থানীয় ৰাইজ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে৷

কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে সংগঠনটোৱে যথেষ্ট সহায় কৰে। বৃহস্পতিবাৰে বিদ্যালয়ৰ বাকৰিত ছাত্ৰ-ছাত্ৰী, শিক্ষক সমবেত হৈ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি পলাশ গগৈৰ লগতে সহযোগীসকলক গামোচা পিন্ধাই শলাগ লয়৷